Teachers association meet: প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত মত বিনিময় - Teachers association meet
🎬 Watch Now: Feature Video
বৰপেটা, ১৮ জুন: ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত আন্দোলন অব্যাহত ৰখা সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দেওবাৰে বৰপেটাত জিলাখনৰ কেইবাটাও সংগঠনৰ সৈতে মত বিনিময় কৰে ৷ বৰপেটা ৰাইনো ক্লাবত অনুষ্ঠিত এই সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৰপেটা সচেতন নাগৰিক মঞ্চ, মজলীয়া শিক্ষক সন্থা, বৰপেটা ৰাইনো ক্লাৱ আদিকে ধৰি কেইবাটাও সংগঠনৰ সৈতে মত বিনময় কৰে ৷
মূলতঃ প্ৰাথমিক বিদ্যালয় সমুহত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ প্ৰতি সমৰ্থন বিচাৰি এইদৰে মত বিনময় সভা অনুষ্ঠিত কৰে শিক্ষক সংস্থাটোৱে ৷ উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে প্ৰধান শিক্ষক পদৰ দাবীত চাৰি দশক ধৰি আন্দোলন চলাই আহিছে ৷ পিচে কোনো এখন চৰকাৰেই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ এই দাবী পূৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷
চৰকাৰৰ সৈতে বাৰম্বাৰ আলোচনাৰ পিচতো কোনো ফল নধৰাত অৱশেষত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ দল-সংগঠন সমূহৰ সহযোগিতা আৰু আন্দোলনৰ দাবীৰ প্ৰতি সমৰ্থন বিচাৰি সমগ্ৰ ৰাজ্যখনৰ দল সংগঠনসমূহৰে আলোচনাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক: Scam in guard wall construction in Nalbari: নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই নলবাৰীত খহি পৰিল গাৰ্ড ৱাল