thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:44 PM IST

ETV Bharat / Videos

Tea Garden Workers Protest : ডুমডুমাত প্ৰাপ্য বোনাচৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

তিনিচুকীয়া, ৭ অক্টোবৰ : ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পিছতো চাহ শ্ৰমিকে প্ৰাপ্য বোনাচ ২০ শতাংশ বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে চাহ নগৰী ডুমডুমাত ৷ ডুমডুমাত প্ৰাপ্য বোনাচক লৈ চাহ শ্ৰমিকে প্ৰতিবাদ-আন্দোলন কৰা পৰিলক্ষিত হৈছে ৷

শনিবাৰে ডুমডুমাৰ ATHULYA GROUP LLP. নামৰ কোম্পানীৰ অধীনস্থ ৰূপাই চাহ বাগিচাত সহস্ৰাধিক শ্ৰমিকে বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শ্ৰমিকে জানিবলৈ দিয়া অনুসৰি বাগিচা কৰ্তৃপক্ষই লোকচানৰ দোহাই দি শ্ৰমিকক দুৰ্গোৎসৱৰ পূৰ্বে ১৫ শতাংশ আৰু জানুৱাৰী মাহত ৫ শতাংশ বোনাচ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৷ কিন্তু বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্তক চাহ শ্ৰমিকে মানি লোৱা নাই আৰু ২০ শতাংশ বোনাচ দুৰ্গোৎসৱৰ পূৰ্বে প্ৰদান কৰাৰ দাবী জনাইছে শ্ৰমিক সকলে ৷  

ইয়াৰ পূৰ্বেও বাগিচাখনত ১৫ শতাংশ বোনাচ প্ৰদান কৰাৰ চুক্তি হৈছিল যদিও পৰৱৰ্তী সময়ত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদত সেও মানি কৰ্তৃপক্ষই ২০ শতাংশ বোনাচ প্ৰদান কৰিবলৈ বাধ্য হৈছিল ৷ কিন্তু এইবছৰ পুনৰ বাগিচা কৰ্তৃপক্ষৰ এনে সিদ্ধান্তক শ্ৰমিক সকলে সহজভাৱে ল'ব পৰা নাই ৷ আনহাতে চাহ শ্ৰমিকে প্ৰাপ্য বোনাচ বিচাৰি হাহাকাৰ কৰাৰ সময়ত চাহ শ্ৰমিকৰ নেতা, অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা ডুমডুমা সমষ্টিৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাই চাহ শ্ৰমিকৰ কাষত থিয় দিয়াৰ পৰিৱৰ্তে পঞ্চায়তত "কলহ যাত্ৰা" কৰি থকা বুলি ক্ষোভ প্ৰকাশ কৰিছে শ্ৰমিকসকলে ৷ 

লগতে পঢ়ক : Tense Situation at Mariani: 14 নহয় 20 শতাংশ বোনাচৰ দাবীত উত্তপ্ত মৰিয়নীৰ কাকজান চাহ বাগিচা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.