Tea Garden Workers Protest : ডুমডুমাৰ দাইচা চাহ বাগিচাত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:14 PM IST

thumbnail

তিনিচুকীয়া, ১৬ ছেপ্তেম্বৰ : ২৫ ছেপ্টেম্বৰত "কৰম পৰৱ" উপলক্ষে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে চৰকাৰী ছুটী ৷ কিন্তু কৰম পৰৱৰ দিনটোত চৰকাৰী ছুটীত মজুৰী নাপায় চাহ শ্ৰমিকে ৷ ইয়াকে লৈ শনিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীয় দল- সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷  

অসম চাহ জনজাতি ছাত্ৰ সন্থাই দীৰ্ঘদিনৰপৰা দাবী জনাই আহিছিল কৰম পৰৱৰ দিনটোত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাৰ লগতে মজুৰি প্ৰদান কৰিবলৈ ৷ কিন্তু শ্ৰম বিভাগে শুকুৰবাৰে প্ৰকাশ কৰা এক নিৰ্দেশনা মতে "কৰম পৰৱ"ৰ চৰকাৰী ছুটীত চাহ বাগিচা বন্ধ থাকিব যদিও চাহ শ্ৰমিকে ছুটীৰ মজুৰী নাপাব ৷  

উক্ত দিনাৰ হাজিৰাৰ বাবদ ৰবিবাৰে বা অন্য ছুটীৰ দিনা বাগিচাত কাম কৰিব লাগিব শ্ৰমিকে ৷ চৰকাৰী নিৰ্দেশনা প্ৰকাশ হোৱাৰ পিছতে চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীয় দল-সংগঠন আৰু ব্যক্তিয়ে চৰকাৰী এই নিৰ্দেশনা বাতিল কৰি কৰম পৰৱ উপলক্ষে চাহ শ্ৰমিকক মজুৰীসহ ছুটী দিয়াৰ নিৰ্দেশনা জাৰি কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ 

লগতে পঢ়ক : AATSA Protest: বাগিচা অঞ্চলত নিষিদ্ধ হ’ব পাৰে যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.