Protest in Dibrugarh : পেইড হলিডে’ৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ এথেলুড চাহ বাগিচাত আটছাৰ প্ৰতিবাদ - চাহ জনগোষ্ঠী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 9:10 PM IST

ডিব্ৰুগড়, 22 ছেপ্টেম্বৰ : চাহ জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ কৰম পৰৱত চৰকাৰী বন্ধৰ নামত পেইড হলিডে’ ঘোষণা কৰাক লৈ ৰাজ্যৰ বাগিচাই বাগিচাই প্ৰতিবাদ আটছা তথা চাহ শ্ৰমিকৰ ৷ ডিব্ৰুগড়ত আটছাৰ নেতৃত্বত বাগিচাই বাগিচাই প্ৰতিবাদী সজাগতা সভা অনুষ্ঠিত কৰি চৰকাৰৰ অপমানজনক জাননীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ চহৰখনৰ উপকণ্ঠৰ এথেলুড চাহ বাগিচাৰ জামুনতলী লাইনত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ ডিব্ৰুগড় শাখাই ৷

চৰ্ত বিহীন বন্ধ ঘোষণা নকৰালৈকে আটছাই হাত সাৱটি বহি নথকাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদস্থলীৰ পৰা ৷ অন্যহাতে ২৫ ছেপ্টেম্বৰত বাগিচাই বাগিচাই মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে আটছাই ৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে এক জাননী যোগে আগন্তুক ২৫ ছেপ্টেম্বৰৰ দিনটো কৰম পূজা উপলক্ষে পেইড হলিডে' ঘোষণা কৰিছে ৷

নিৰ্দেশনা অনুযায়ী শ্ৰমিক কল্যাণ বিভাগে ২৫ ছেপ্টেম্বৰৰ দিনটো কৰম পূজাৰ বন্ধ দিন হিচাপে ঘোষণা কৰিছে যদিও চাহ শ্রমিক সকলে পৰৱৰ্তী যি কোনো এটা দেওবাৰে বা সাপ্তাহিক ছুটীৰ দিনত এই দিনৰ বন্ধৰ বিপৰীতে বাগিচা আৰু কল ঘৰত কাম কৰি দিব লাগিব ৷ ইয়াৰ পাছতে চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বাগিচা অঞ্চলত বিজেপি দলৰ সভা-সমিতি অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চাহ জনগোষ্ঠীৰ সংগঠনসমূহে ৷ 

লগতে পঢ়ক : Protest in Guwahati : জাতি-মাটি-ভেঁটি মানে মামা-মামী-মাটি নেকি ; শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.