সৰুপথাৰত শ্বহীদক স্মৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ - প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 9:49 PM IST

সৰুপথাৰ, 10 ডিচেম্বৰ : আজি ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস ৷ গোলাঘাট জিলাৰ সৰুপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে শ্বহীদ দিৱস । ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত দেওবাৰে সৰুপথাৰ ৰামধেনু মুকলি মঞ্চত উদযাপন কৰা হৈছে শ্বহীদ দিৱস । 

অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে 1979 চনৰ 10 ডিচেম্বৰ দিনটোত শ্বহীদ হৈছিল ৷ আজিৰ এই পবিত্ৰ দিনটোত আই অসমীৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰলৈ সভক্তিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অসম মাতৃৰ হকে নিজৰ জীৱন উছৰ্গা কৰা অসমৰ 855 জন শ্বহীদক প্ৰণিপাত জনোৱা হয় ৷ 

এই শ্বহীদ দিৱসৰ দিনটোত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বহীদ তৰ্পণ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে এই অনুষ্ঠানত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, বিশিষ্ট ব্যক্তিসকলৰ লগতে যুৱ মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: মটৰ চাইকেলেৰে ৬৭ খন দেশ ভ্ৰমণ কৰিব গুৱাহাটীৰ মীনাক্ষী দাসে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.