শ্ৰীনগৰৰ ঘাইপথত IED নিষ্ক্ৰিয় - IED নিষ্ক্ৰিয়
🎬 Watch Now: Feature Video


Published : Dec 27, 2023, 1:01 PM IST
নেশ্যনেল ডেস্ক, 27 ডিচেম্বৰ : জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ ঘাইপথৰ লাৱেপোৰা অঞ্চলত নিৰাপত্তা বাহিনীয়ে বুধবাৰে এটা সন্দেহজনক আইইডি নিষ্ক্ৰিয় কৰে ৷ অতি কৌশলেৰে নিৰাপত্তাৰক্ষীয়ে আইইডি নিষ্ক্ৰিয় কৰি সম্ভাৱ্য ডাঙৰ ঘটনাৰ পৰা অঞ্চলটোক প্ৰতিহত কৰে বুলি নিৰাপত্তাৰক্ষীৰ দলটোৱে জানিবলৈ দিয়ে ৷ বোমাটো নিষ্ক্ৰিয় কৰা সময়লৈকে ঘাইপথত যান-বাহন চলাচল বন্ধ কৰি থোৱা আছিল ৷ বোমাটো নিষ্ক্ৰিয় হোৱাৰ পিচতে পথটোৰে পুনৰ যান-বাহন চলাচল আৰম্ভ হৈছে ৷
কাশ্মীৰ জ‘নৰ আৰক্ষী মহাপৰিদৰ্শক বিধি কুমাৰ বিৰ্দীয়ে ইটিভি ভাৰত কোৱা অনুসৰি, নিৰাপত্তাৰক্ষী বাহিনীয়ে শ্ৰীনগৰৰ উপকণ্ঠৰ লাৱেপোৰাত ঘাইপথৰ কাষত এটা সন্দেহজনক বস্তু ধৰা পেলাইছিল। সেইটো দেখিবলৈ IED ৰ দৰে লাগিছিল ৷ লগে লগে নিৰাপত্তাৰক্ষীৰ দলটোৱে সন্দেহজনক আই ই ডিটো ধ্বংস কৰে ৷
লগতে পঢ়ক: ইজৰাইলৰ দূতাবাসৰ কাষত বিস্ফোৰণ; সুকলমে আছে সকলো বিষয়া-কৰ্মচাৰী