thumbnail

By

Published : Jun 11, 2023, 9:29 PM IST

ETV Bharat / Videos

Self reliant by Hand Carft: হাতৰ কামেৰে স্বাৱলম্বী টীয়কৰ সুস্মিতা

টীয়ক,১১ জুন: চাকৰিৰ পাছত নদৌৰি হস্ত শিল্পৰে জিলিকিছে টীয়কৰ এগৰাকী যুৱতী । টীয়কৰ মেলেং বালিচাপৰি বহত গাৱঁত নিজৰ হাতৰ কামেৰে জিলিকিছে শিল্পী সুস্মিতা শৰ্মা । সুস্মিতাই হাত দুখনৰ জৰিয়তেই গঢ়ি তুলিছে এখন বজাৰ । হেণ্ড কাৰ্ফ্টৰ কামৰ জৰিয়তে স্বাৱলম্বী হৈছে সুস্মিতা শৰ্মা ।  

জন্মদিনৰ উপহাৰৰ পৰা আৰম্ভ কৰি, বিবাহ, যিকোনো অনুষ্ঠানত অতিথিৰ উপহাৰৰ সামগ্ৰী, মেখেলা চাদৰৰ ডিজাইন, ফেব্ৰিক তথা বিশেষকৈ অনুষ্ঠানত সমূহৰ ল'গ' প্ৰস্তুত কৰি বাৰুকৈ সমাদৰ লাভ কৰিছে এইগৰাকী আদৰ্শবান যুৱতীয়ে । উল্লেখযোগ্য যে, লক ডাউনৰ সময়চোৱাত সৰুকৈ কেৱল নিজৰ ব্যস্ততা পূৰাবলৈ আৰম্ভ কৰা এই কৰ্ম আজি নিচাৰ পৰা পেছালৈ ৰূপান্তৰ হৈছে আৰু স্বাৱলম্বিতাৰ পথ সুগম কৰিবলৈ সক্ষম হৈছে সুস্মিতা ।  

কাকজান মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নিজ কৰ্মত ব্ৰতী হৈ সুস্মিতাই ঘৰৰ পৰাই এইদৰে কৰি গৈছে নিজে ভাল পোৱা কামবোৰ । প্ৰথমে ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে সৃষ্টিৰাজিক উপস্থাপন কৰি ৰাইজৰ মৰম লাভ কৰি আজি তেওঁ প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা অধিক । বৰ্তমান গ্ৰাহকে বিচৰা অনুসৰি তেওঁৰ দিবলৈহে সময়ৰ অভাৱত অসুবিধাত পৰিছে বুলি জানিবলৈ দিয়ে । 

লগতে পঢ়ক: Mangaldoi Sports Association : মঙলদৈ ক্ৰীড়া সন্থাৰ ভিতৰ চ’ৰাত খোৱা কামোৰা লগাৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.