ETV Bharat / sports

টেষ্ট ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক অৰ্জনকাৰী তৃতীয় ভাৰতীয়ত পৰিণত যশস্বী জয়ছোৱাল - IND VS BAN 2ND TEST

author img

By ETV Bharat Sports Team

Published : 3 hours ago

Yashasvi Jaiswal create history: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন যশস্ৱী জয়ছোৱালৰ অভিলেখ ৷ বাংলাদেশৰ বিৰুদ্ধে কানপুৰ টেষ্টত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি এই অভিলেখ গঢ়িছে ক্ৰিকেটাৰগৰাকীয়ে ৷

IND VS BAN 2ND TEST
যশস্ৱী জয়ছোৱাল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ: কানপুৰ টেষ্টৰ প্ৰথম ইনিংছত বিস্ফোৰক বেটিঙেৰে ইতিহাস ৰচিছে ভাৰতীয় ক্ৰিকেট দলৰ বাওঁহতীয়া অ’পেনিং বেটছমেন যশস্বী জয়ছোৱালে । সমান্তৰালকৈ তেওঁ ভাৰতৰ হৈ এক বৃহৎ অভিলেখ সৃষ্টি কৰা তৃতীয়গৰাকী বেটছমেনত পৰিণত হয় ৷ ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰা বেটছমেনৰ তালিকাত জয়ছোৱালে দখল কৰে তৃতীয় স্থান ।

টেষ্ট ক্ৰিকেটত ইতিহাস ৰচনা যশস্বী জয়ছোৱালৰ

জয়ছোৱালে ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা তৃতীয়গৰাকী বেটছমেনত পৰিগণিত হৈছে । যশস্বীয়ে 31 টা বলত সম্পূৰ্ণ কৰে 50 ৰাণ, য’ত আছিল 10 টা চাৰি আৰু এটা ছয় ৷

মেচখনত জয়ছোৱালে 51 টা বলৰ সন্মুখীন হৈ সংগ্ৰহ কৰে 72 ৰাণ ৷ ক্ৰিকেটাৰগৰাকীয়ে 12 টা চাৰি আৰু দুটা ছয়ৰে সজাই এই ইনিংছ ৷ তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে 141.17 ।

বাওঁহতীয়া বেটছমেনগৰাকীয়ে শ্বাৰ্দুল ঠাকুৰক অতিক্ৰমী এই অভিলেখ স্থাপন কৰে ৷ ঋষভ পন্ত ভাৰতৰ হৈ টেষ্টত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেন । পণ্টে 28 টা বলত অৰ্ধশতক অৰ্জন কৰিছে । ইয়াৰ লগতে কপিলদেৱ হৈছে ভাৰতৰ হৈ দ্ৰুততম টেষ্ট অৰ্ধশতক অৰ্জনকাৰী দ্বিতীয়গৰাকী বেটছমেন । তেওঁ 30 টা বলত এই সাফল্য অৰ্জন কৰিছে ৷

ভাৰত-বাংলাদেশৰ বৰ্তমানলৈকে মেচৰ স্থিতি

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ কানপুৰৰ গ্ৰীণপাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৷ এই মেচখনত প্ৰথম দিনা অনুষ্ঠিত হয় মাত্ৰ 35 অভাৰৰ খেল, য’ত বাংলাদেশে 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 135 ৰাণ ।

তাৰপিছত ক্ৰমে বৰষুণৰ বাবে দ্বিতীয় আৰু তৃতীয় দিনৰ খেল অনুষ্ঠিত কৰিব পৰা নগ’ল ৷ সোমবাৰে সময়মতে অনুষ্ঠিত হোৱা খেলত ভাৰতে 233 ৰাণত আৱদ্ধ কৰি ৰাখে বাংলাদেশক ৷ অৱশ্যে এই সময়ত বাংলাদেশে হেৰুৱাইছিল আটাইকেইটা উইকেট ৷

পৰৱৰ্তী সময়ত ভাৰতে বেট ধৰি আৰম্ভ কৰে ইনিংছ ৷ এই মেচখনত ভাৰতৰ কেইবাগৰাকীও ক্ৰিকেটাৰে স্থাপন কৰে অভিলেখ ৷ তদুপৰি টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্ৰুততম 100 ৰাণৰ সীমা অতিক্ৰম কৰে দলটোৱে । চাহ বিৰতিলৈকে দুটা উইকেট হেৰুৱাই ভাৰতে 10 অভাৰত সংগ্ৰহ কৰে 138 ৰাণ ।

লগতে পঢ়ক: শচীন তেণ্ডুলকাৰক অতিক্ৰমী 27000 ৰাণ সম্পূৰ্ণ বিৰাট কোহলীৰ - 27000 RUNS IN INTERNATIONAL CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.