ETV Bharat / bharat

দিল্লী পদপিষ্টৰ ঘটনা : ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰ পি এফ, বাণিজ্যিক কৰ্মচাৰীৰ দক্ষতা বৃদ্ধি কৰিব ৰে'লৱেই - DELHI STATION STAMPEDE

ভাৰতীয় ৰে'লৱেই দেশৰ ৬০ টা মুখ্য ষ্টেচনত প্লেটফৰ্মৰ ঠিক বাহিৰত এটা নিৰ্ধাৰিত প্ৰতীক্ষা এলেকা স্থাপন কৰিব, যাতে অপেক্ষাৰত যাত্ৰীসকলক ৰাখিব পাৰে ।

Delhi Station Stampede
দিল্লী ৰে'ল ষ্টেচনত যাত্ৰীৰ ভিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 8:56 PM IST

নতুন দিল্লী : শনিবাৰে নতুন দিল্লী ৰে'ল ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাত ১৮ জন লোক নিহত হোৱাৰ লগতে ১৫ জনৰো অধিক লোক আহত হয় । এই ঘটনাৰ দুদিন পিছত ৰে'লৱেই যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে প্ৰচণ্ড ভিৰৰ মোকাবিলা কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে । ৰে'লৱে ষ্টেচনত অত্যধিক ভিৰৰ পৰিস্থিতিৰ সময়ত এই ভিৰৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিবলৈ ৰে'ল সুৰক্ষা বাহিনীৰ (আৰ পি এফ) কৰ্মচাৰী আৰু বাণিজ্যিক কৰ্মচাৰীসকলক অধিক দক্ষ কৰাৰ পৰিকল্পনা কৰিছে ।

গ্ৰহণ কৰিব খোজা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰি ৰে'লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ইটিভি ভাৰতক কয়, "ভাৰতীয় ৰে'লৱেই সমগ্ৰ দেশৰ ৬০ টা মুখ্য ষ্টেচনত প্লেটফৰ্মৰ ঠিক বাহিৰত অপেক্ষাৰত যাত্ৰী আৰু তেওঁলোকৰ পৰিচাৰকসকলক ৰাখিবলৈ এটা নিৰ্ধাৰিত প্ৰতীক্ষা এলেকা স্থাপন কৰিব ।"

আনহাতে, দুৰ্ঘটনাটোৰ পিছতহে যেন হঠাতে সাৰ পোৱা ৰে'লৱেই এসপ্তাহৰ বাবে বিয়লি ৪ বজাৰ পৰা নিশা ১১ বজালৈ প্লেটফৰ্মৰ টিকট বিক্ৰী সীমিত কৰাৰ সিদ্ধান্ত লৈছে । উল্লেখ্য যে দুৰ্ঘটনাটোৰ দিনা প্ৰায় ২৬০০ অধিক যাত্ৰীয়ে নতুন দিল্লী ষ্টেচনত পুৱা ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত টিকট বুক কৰিছিল ।

ইয়াৰ উপৰি ৰে'লৱেই যদি অতিৰিক্ত ভিৰৰ স্থিতি প্ৰত্যক্ষ কৰে তেন্তে প্লেটফৰ্মত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰভাৱে পৰীক্ষা কৰা হ'ব আৰু যাত্ৰীসকলক প্লেটফৰ্মলৈ যোৱাৰ অনুমতি দিয়াৰ পূৰ্বে ভ্ৰমণৰ টিকট কঠোৰভাৱে পৰীক্ষা কৰা হ'ব বুলিও ৰে'লৱেৰ বিষয়াসকলে কয় ।

বৰ্তমান ৰে'লৱেই ভ্ৰমণকাৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এক মসৃণ ভিৰ ব্যৱস্থাপনা ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপবোৰ অন্যান্য মুখ্য ষ্টেচনলৈ সম্প্ৰসাৰিত কৰাৰো পৰিকল্পনা কৰিছে । আনহাতে, প্ৰশাসনে এই স্থানবোৰত অত্যধিক ভিৰৰ পৰিস্থিতি পৰিহাৰ কৰাৰ বাবে দৃষ্টি ৰাখিবলৈ ৰে'ল কৰ্মচাৰী নিয়োজিত কৰিবলৈ ষ্টেচনবোৰত চিৰি, ফুট অ'ভাৰব্ৰীজ, গেলেৰী আৰু প্লেটফৰ্মকে দুৰ্ঘটনা প্ৰৱণ স্থানবোৰ চিনাক্ত কৰি আছে ।

জ্যেষ্ঠ বিষয়াসকলে জনায় যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত ৰে'লৱেই টিকট ক্ৰয় কৰাৰ ক্ষেত্ৰত যাত্ৰীসকলৰ প্ৰচুৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ টিকট কাউণ্টাৰবোৰ ষ্টেচনৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে ।

ইয়াৰ উপৰি ৰে'লৱেই অনাগত দিনবোৰত এনে ধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ অন্যান্য ব্যৱস্থাও প্ৰয়োগ কৰিছে । "সিদ্ধান্ত লোৱা হৈছে যে প্ৰয়াগৰাজৰ দিশলৈ যাবলগা সকলো বিশেষ ৰে'ল ১৬ নম্বৰৰ প্লেটফৰ্মৰ পৰা যিমান সম্ভৱ সিমান পৰিমাণে চলাব । সেয়েহে প্ৰয়াগৰাজলৈ যাব বিচৰা সকলো যাত্ৰী নতুন দিল্লী ৰে'ল ষ্টেচনৰ আজমেৰী গে'টৰ ফালৰ পৰা আহিব আৰু যাব । নিত্য নৈমিত্তিকৰ দৰে নিয়মীয়া ৰে'লসমূহ সকলো প্লেটফৰ্মৰ পৰা চলি থাকিব । এয়া হৈছে এটা প্লেটফৰ্মত আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ৰ ভিৰ পৰিহাৰ কৰাৰ দিশত এক পদক্ষেপ ।"

আন কেইগৰাকীমান বিষয়াৰ মতে, এই ঘটনাটোৰ পিছত ৰে'ল ষ্টেচনত যাত্ৰীসকলৰ সুচল চলাচল নিশ্চিত কৰিবলৈ আৰ পি এফ, চি আৰ পি এফ, আৰ এ এফ আৰু জি আৰ পিৰ মোতায়েন বৃদ্ধি কৰা হৈছে । "এই কৰ্মচাৰীসকলে যাত্ৰীসকলক তেওঁলোকৰ ৰে'লখন যাত্ৰা কৰিবলগীয়া প্লেটফৰ্মৰ পথ প্ৰদৰ্শন কৰাত সহায় কৰি আছে ।" ৰে'ল বিষয়াসকলে লগতে কয় ।

উল্লেখ্য যে নতুন দিল্লী ষ্টেচনত সংঘটিত এই ঘটনাটোৰ তদন্তৰ বাবে ৰে'লৱেই এখন দুজনীয়া সদস্যৰ উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে । সমিতিখনত আছে পংকজ গাংৱাৰ (প্ৰধান মুখ্য সুৰক্ষা আয়ুক্ত) আৰু নৰ সিং (প্ৰধান মুখ্য বাণিজ্যিক প্ৰবন্ধক) ।

পদপিষ্টৰ ঘটনা

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ জি আৰ পিয়ে প্ৰদান কৰা তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা ৰাজ্যসভাৰ তথ্য অনুসৰি, 2021 চনৰ পৰা 2023 চনলৈ বিগত তিনি বছৰত দুটা পদপিষ্টৰ ঘটনাৰ তথ্য লাভ কৰা হৈছে ।

দুৰ্ঘটনা

আনহাতে, লোকসভাৰ তথ্য অনুসৰি দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে । ৰে'লৰ লাইনচ্যুত হোৱা ঘটনা 2014-15 বৰ্ষত 135 টাৰ পৰা 2023-24 চনত 40 টালৈ হ্ৰাস পাইছে । এই দুৰ্ঘটনাবোৰৰ কাৰণবোৰৰ ভিতৰত আছে ট্ৰেকৰ ত্ৰুটি, লোকো/ডবাৰ ত্ৰুটি, সঁজুলিৰ বিফলতা আৰু মানৱ ত্ৰুটি ।

লগতে পঢ়ক :দিল্লী ৰে'ল ষ্টেচন পদপিষ্ট ঘটনা; কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ - DELHI RAILWAY STATION STAMPEDE
লগতে পঢ়ক :নতুন দিল্লীৰ ৰে'ল ষ্টেচনত পদপিষ্ট হৈ ১৮ যাত্ৰীৰ মৃত্যু - NEW DELHI RAILWAY STATION STAMPEDE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.