School Property scam: নতুন সামগ্ৰীৰ পৰিৱৰ্তে জৰাজীৰ্ণ সামগ্ৰী প্ৰদান বিদ্যালয়ত - low qualities school properties in Hailakandi

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 2, 2023, 9:53 PM IST

হাইলাকান্দি, 2 এপ্ৰিল: হাইলাকান্দিৰ কৈয়া চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত নতুন আচবাব দিয়াৰ নামত বিয়াগোম কেলেংকাৰী (School Property scam)৷ এবাৰ ব্যৱহাৰৰ পিচতেই ভাঙি যায় বিদ্যালয়ৰ নতুন আচবাব ৷ বিদ্যালয়খনত যোগানকাৰীয়ে নতুন সামগ্ৰীৰ সলনি জৰাজীৰ্ণ সামগ্ৰী আনি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে (Supplier provides low qualities school properties)৷  

উল্লেখ্য যে, বিদ্যালয়খনৰ আচবাবৰ বাবে চৰকাৰে দিয়া ১৭ লাখ টকা আবণ্টন কৰিছিল ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি বিদ্যালয়খনলৈ অনা নতুন কম্পিউটাৰৰ ভিতৰত মাত্ৰ এটা কম্পিউটাৰহে ব্যাৱহাৰৰ উপযোগী ৷ চকী, টেবুলসমূহো এবাৰ ব্যৱহাৰৰ পিচতেই ভাঙি গৈছে ৷ বিদ্যালয়খনৰ ডেস্ক বেঞ্চসমূহৰ অৱস্থা ইমানেই বেয়া যে ব্যৱহাৰ কৰিবলৈ ভয় কৰিছে বিদ্যালয় কৰ্তৃপক্ষই (low qualities school properties in Hailakandi )৷ 

সম্প্ৰতি এই সন্দৰ্ভত হাইলাকান্দি জিলা প্ৰশাসনৰ ওচৰত উচিত তদন্তৰ দাবী কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ আচবাব যোগান ধৰা যোগানকাৰীয়ে চৰকাৰে প্ৰদান কৰা ধনৰ অপব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷ 

লগতে পঢ়ক: Assam Police written exam: পৰীক্ষাকেন্দ্ৰত মোবাইল লৈ প্ৰৱেশ কৰি আৰক্ষীৰ জালত পৰিল দুই পৰীক্ষাৰ্থী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.