thumbnail

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 6:58 PM IST

ETV Bharat / Videos

Sugarcane crusher Machine: মুছলপৰত কুঁহিয়াৰ পেৰা মেচিন বিতৰণ কাৰ্যসূচী

বাক্সা, 8 চেপ্টেম্বৰ : নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বাক্সা জিলাৰ মুছলপৰত শুকুৰবাৰে কুঁহিয়াৰ পেৰা মেচিন বিতৰণ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই । বাক্সা জিলাৰ মুছলপুৰত বাক্সা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত বাক্সা, টিহু- বৰমা আৰু ধমধমা উন্নয়ণখণ্ডৰ অধীনৰ হিতাধিকাৰীসকলক আৱণ্টিত কৰে 25 টাকৈ কুঁহিয়াৰ পেৰা মেচিন ৷ লগতে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই অনাগত সময়ত মৎস্য আৰু গাহৰি ব্যৱসায়ীক তেওঁলোকৰ ব্যৱসায়ৰ কামত অহাকৈ বৰফ সংলগ্ন চাইকেল প্ৰদান কৰাৰ হ'ব বুলিও ঘোষণা কৰে । 

ইয়াৰ উপৰিও মৎস্য পালকক মাছৰ খাদ্য যোগান ধৰা হ'ব বুলিও আশ্বাস দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে । এই অনুষ্ঠানত ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল চন্দ্ৰ শৰণীয়া, মুছলপুৰ সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰী, বাক্সা খণ্ড উন্নয়ণ বিষয়া চখেমলী দৈমাৰী আদি উপস্থিত থাকে ।‌

লগতে পঢ়ক: Snatching incident:মহানগৰীত চিলনী চোৰে মহিলাৰ পৰা কাঢ়ি নিলে লক্ষাধিক টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.