Bihu workshop: চিলাপথাৰত আয়োজিত বিহুনাচ কৰ্মশালাৰ সফল সামৰণি - Successful conclusion of the Bihu workshop

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 31, 2023, 2:19 PM IST

জোনাই, 31 মাৰ্চ : বিহু সঠিক ৰূপত উপস্থাপন কৰি পৰিবেশন কৰিব পৰাকৈ নৱ-প্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে চিলাপথাৰৰ ২ নং চিলাগাঁৱত েখনি বিহুনাচ কৰ্মশালাৰ আয়োজন কৰা হৈছিল ৷ চিলাপথাৰৰ ২ নং চিলাগাঁৱত ২ নং চিলাগাঁও বিহু দলৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত যোৱা ২১ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা বিহুৰ এই কৰ্মশালাখনিৰ বৃস্পতিবাৰে সামৰণি পৰে (Successful conclusion of the Bihu workshop) । চিলাগাঁও ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত শ-শ নাচনী বিহুৱাই বিহু পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তুলে । 

দহদিনীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰা জনপ্ৰিয় বিহুৱতী মাধৱী বুঢ়াগোহাঁই, বিহুৱা লিখন গগৈৰ লগতে সহযোগী সকলক আয়োজক সমিতিৰ তৰফৰ পৰা জনোৱা হল উষ্ম সম্বৰ্ধনা (Silapathar bihu workshop concludes) । অনুষ্ঠানত নৃত্য পৰিৱেশন কৰি ৰাইজক আমোদ দিলে প্ৰাক্তন বিহুৰানী জোণ দলে আৰু মাধৱী বুঢ়াগোহাঁইয়ে । বিহুক সঠিক ৰূপত উপস্থাপনৰ বাবে নৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে আয়োজিত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত সাংস্কৃতিক জগতৰ সৈতে জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, শিক্ষক, সমাজকৰ্মী অতিথি হিচাপে উপস্থিত থাকে ।

লগতে পঢ়ক : Guinness Book of World Records: অভিলেখ গঢ়াৰ ক্ষণত সাক্ষী হ'ব মৰিয়নিৰ ২০০ গৰাকী বিহুৱা-বিহুৱতী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.