Students Ill taking iron tablets in Mahmora: মাহমৰাত অঘটন: আইৰণ টেবলেট খাই অসুস্থ দুখন বিদ্যালয়ৰ শিক্ষাৰ্থী - Students Ill taking iron tablets in Mahmora
🎬 Watch Now: Feature Video

চৰাইদেউ জিলাৰ মাহমৰাত অঘটন ৷ আইৰণ টেবলেট খাই অসুস্থ মাহমৰাৰ দুখন বিদ্যালয়ৰ ২৬ গৰাকীৰো অধিক শিক্ষাৰ্থী(Students Ill taking iron tablets) ৷ মাহমৰাৰ ৬৮৬ নং নির্মলীয়া প্ৰাথমিক বিদ্যালয় আৰু খেৰণিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকল চিকিৎসা কৰ্মীয়ে যোগান ধৰা আইৰন টেবলেট গ্ৰহণ কৰাৰ পাছতেই অসুস্থ হৈ পৰে ৷ অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসাৰ বাবে ইতিমধ্যে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Last Updated : Feb 3, 2023, 8:33 PM IST