G20 Summit in Assam: যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত শিক্ষাৰ্থীয়ে অংকন কৰিলে জি-২০ দেশৰ পতাকা - শিক্ষাৰ্থীয়ে অংকন কৰিলে জি ২০ দেশৰ ৰাষ্ট্ৰীয় পতাকা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 27, 2023, 6:30 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

যোৰহাট, ২৭ জানুৱাৰী: ভাৰতৰ অধ্যক্ষতাত এইবাৰ অনুষ্ঠিত হ'বলগীয়া জি ২০ সন্মিলনৰ কেইবাখনো বৈঠক প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’ব(G20 Summit preparations in Assam) । ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব জি-২০ ৰাষ্ট্ৰীয় সন্মিলন ৷ জি-২০ ৰাষ্ট্ৰীয় সন্মিলনৰ চাৰিখন বৈঠক গুৱাহাটীত আৰু এখন বৈঠক ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৷ জি-২০ সন্মিলনৰ আয়োজনক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে ৷ ইয়াৰ মাজতে যোৰহাটৰ শিক্ষা বিভাগে গ্ৰহণ কৰা এক পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

জি-২০ ৰাষ্ট্ৰীয় সন্মিলনৰ সম্পৰ্কে সকলোৰে মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে যোৰহাট জিলা শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ ৷ জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীয়ে শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ(Jorhat District Administration Office)সন্মুখৰ দেৱালত জি-২০ দেশৰ প্ৰাচীৰ পত্ৰিকা প্ৰদৰ্শন কৰাৰ লগতে দেশকেইখনৰ জাতীয় পতাকা অংকন কৰে(Students draw national flag of G20 country) । জি-২০ দেশসমূহৰ লগত ভাৰতৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে এই প্ৰাচীৰ পত্ৰিকাসমূহত উল্লেখ কৰা হয় ।

জি-২০ৰ প্ৰতিখন দেশৰ সন্দৰ্ভত বিশদভাৱে বৰ্ণনা কৰা হয় এই প্ৰাচীৰ পত্ৰিকাসমূহত । দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে উক্ত জি-২০ দেশৰ প্ৰাচিৰ পত্ৰিকাসমূহ মুকলি কৰা হৈছিল । অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ সাক্ষী হোৱাৰ বাবে যোৰহাট জিলাৰ কেইবাখনো চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে খোদিত কৰাৰ প্ৰাচীৰ প্ৰত্ৰিকা আৰু জাতীয় পতাকা অংকন দৃশ্য উপভোগ কৰাৰ বাবে এতিয়া যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাইজৰ ব্যাপক সমাগম দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে জি ২০ সন্মিলনৰ পাঁচখন বৈঠক অসমত অনুষ্ঠিত হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ প্ৰতিখনতে এখনকৈ বৈঠক অনুষ্ঠিত হ'ব । জি ২০ সন্মিলনৰ বাবে প্ৰস্তাৱিত ২০ খন স্থানৰ ভিতৰত ৮ খনেই হৈছে উত্তৰ-পূৱৰ । এই বৈঠকৰ যোগেদি উত্তৰ পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি তথা প্ৰাকৃতিক সম্পদৰাজি প্ৰদৰ্শন কৰিবলৈ অসমে সুবিধা লাভ কৰিব । বিশ্বৰ প্ৰধান অৰ্থনৈতিক শক্তি সম্পন্ন দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা, আৰ্থিক স্থিতিশীলতা বজাই ৰখা আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি জি ২০ গঠন কৰাৰ হৈছিল(G20 Summit in NE) ।

লগতে পঢ়ক: G20 summit 2023: গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ পৰ্যালোচনা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.