thumbnail

By

Published : Nov 17, 2022, 9:32 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / Videos

Student committed suicide: দুলীয়াজানত দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ‌ আত্মহত্যা

দুলীয়াজানত‌ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Student suicide case) ৷ বুধবাৰে দুলীয়াজানৰ বকুলনী চাৰিআলিস্থিত নীপকোৰ আৱাসিক অঞ্চলৰ 'এ' টাইপ ৫১ নম্বৰৰ নিজা বাসগৃহত চিপ লোৱা অৱস্থাত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Student suicide at Duliajan )৷ মৃত ছাত্ৰজন দুলীয়াজানৰ দিল্লী পাব্লিক স্কুলৰ (DPS) দ্বাদশ শ্ৰেণীৰ ছাত্ৰ পৰীক্ষিত প্ৰতীম বৰা ৷ এই খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে‌ ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ(AMCH) প্ৰেৰণ কৰিছে । কি কাৰণে ছাত্ৰজনে আত্মহত্যা কৰিলে এতিয়ালৈ সেই কথা স্পষ্ট হোৱা নাই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.