Student Missing: চৰাইদেউ জিলাৰ কাকতিবাৰীৰ ছাত্ৰ সন্ধানহীন - Kakatibari student missing
🎬 Watch Now: Feature Video

চৰাইদেউ জিলাৰ কাকতিবাৰীৰ এজন ছাত্ৰ সন্ধানহীন(Kakatibari student missing) । কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেলেংগাঁৱৰ পৰা সন্ধানহীন হয় দশম শ্ৰেণীৰ ছাত্ৰগৰাকী(Class 10 student missing) । বৃহস্পতিবাৰে দিনৰ ভাগৰ পৰা সন্ধানহীন হৈ আছে ৰবি শংকৰ দিহিঙীয়া নামৰ ছাত্ৰগৰাকী । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে ঘৰত কোনো নথকা সময়তে পৰা কাপোৰৰ টোপোলাসহ নিজৰ চাইকেল লৈ ওলাই গৈছিল ছাত্ৰজন । ইতিমধ্যে চাইকেলখন ভজো ষ্টেচনত উদ্ধাৰ কৰিছে পৰিয়ালে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰজনৰ কোনো সন্ধান নাপাই পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ । পুত্ৰৰ কোনো সন্ধান নোপোৱাত হিয়া ঢাকুৰি কান্দিছে মাতৃয়ে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কাকতিবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই মুহুৰ্তলৈকে ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:35 PM IST