Guwahati accident news today: ৰাস্তাৰ কাষত গাঁত, এখন দ্ৰুতবেগী স্কুল বাছ আৰু এগৰাকী ছাত্ৰীৰ জীৱন ! - মহটিয়াই নিলে স্কুল বাছে
🎬 Watch Now: Feature Video
গুৱাহাটী, ৮ জুন : মহানগৰীৰ গণেশগুৰিত বৃহস্পতিবাৰৰ পুৱাই সংঘটিত হ’ল শোকাৱহ ঘটনা । দ্রুতবেগী স্কুল বাছৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী ছাত্ৰীৰ (Ghy road accident) । স্কুটীৰে বায়েকৰ সৈতে গৈ থাকোঁতেই মহটিয়াই নিলে স্কুল বাছে (Student being hit by a school bus in guwahati ) । থিতাতে নিহত হয় ছাত্ৰীগৰাকী, নাম প্ৰিয়া কুমাৰী । লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল প্রিয়া । ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাচতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
ঘটনাৰ বিৱৰণী মতে আজি পুৱা প্ৰায় ৭.৩০ মিনিটত প্ৰিয়া কুমাৰীয়ে নিজৰ বায়েকৰ লগত গণেশগুৰিৰ ফালৰ পৰা হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুললৈ গৈ আছিল । সেই সময়তে একে দিশৰ পৰা অহা AS 01 PC 7411 নম্বৰৰ স্কুল বাছ এখনে মহতিয়াই লৈ যায় দুয়োকে (Royal global university bus) । ফলত লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰীৰ ঘটনাস্থলীতে মৃত্যু হয় (Priya Kumari death news) ।
ইফালে মৃত প্ৰিয়া কুমাৰীৰ বায়েক এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় । এই দুৰ্ঘটনা সংঘটিত কৰিয়ে স্কুল বাছখনে পলায়ন কৰিবলৈ চেষ্টা কৰে । দুৰ্ঘটনাত ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিচতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় ৰাইজে অন্যান্য স্কুল বাছসমূহৰ যাতায়াত বন্ধ কৰি দি প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে ঘটনাস্থলীত উপস্থিত লোকে এই ঘটনাৰ বাবে দায়ী কৰে জাইকাক (JICA ) । কিয়নো জাইকাই মহানগৰখনত জধে-মধে গাঁত খান্দি থকাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাৰ (Priya Kumari ghy accident)। উল্লেখ্য যে আজি দুৰ্ঘটনা সংঘটিত হোৱা স্থানতো জাইকাই পানীৰ পাইপ বহুৱাবলৈ প্ৰকাণ্ড গাঁত খান্দি থৈছিল । যাৰ ফলত সেই পথেৰে বাহন পাৰ হৈ যোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আছিল ।
লগতে পঢ়ক : JICA water pipe blast: পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ