Student suicide case : গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক আত্মহত্যা - গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক আত্মহত্যা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 31, 2023, 6:32 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গুৱাহাটী, ৩১ জানুৱাৰী : গুৱাহাটীত এগৰাকী ছাত্ৰৰ চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা (Suicide case in Guwahati)। মঠঘৰীয়াত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰই চিপ লৈ আত্মহত্যা কৰে । প্ৰেমজনিত কাৰণত আত্মহত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালে । ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে নুনমাটি থানাৰ অন্তৰ্গত ২ নং মঠঘৰীয়াত সোমবাৰে নিশা প্ৰদীপ ৰাভা নামৰ এগৰাকী কলেজীয়া ছাত্ৰই আত্মহত্যা কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । নিশা ছাত্ৰজনে মঠঘৰীয়াস্থিত নিজা বাসগৃহৰ কোঠাতে চিপ লৈ আত্মহত্যা কৰে । পুৱা পৰিয়ালৰ লোকে চিপ লৈ থকা অৱস্থাত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে (Students commits suicide)। লগে লগে পৰিয়ালৰ লোকসকলৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । সন্তানৰ মৃত্যুত শোকত ভাগি পৰে পৰিয়ালৰ লোকসকল । ছাত্ৰজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোতো শোকাকুল পৰিৱেশে বিৰাজ কৰে ।

ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে ছাত্ৰজনৰ ঘৰত উপস্থিত হয় নুনমাটি আৰক্ষী । পৰিয়ালৰ সহযোগত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ মৰণোত্তৰ পৰীক্ষাৰ মৃতদেহটো প্ৰেৰণ কৰে । পৰিয়ালৰ লোকে জনোৱা মতে মৃত ছাত্ৰজন কামৰূপ একাডেমীৰ দ্বাদশ শ্ৰেণীত অধ্যানৰত আছিল (Kamrup Academy student commit suicide)। কিন্তু কি কাৰণত ছাত্ৰজনে মৃত্যুৰ দৰে চৰম পথ বাছি ল'লে সেয়া এতিয়াও পোহৰলৈ অহা নাই ।

অৱশ্যে ছাত্ৰজনৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকে প্ৰেমজনিত কাৰণত ছাত্ৰজনে আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । পৰিয়ালৰ লোকে জনোৱা মতে একেখন মহাবিদ্যালয়তে অধ্যনৰত এগৰাকী ছাত্ৰীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল প্ৰদীপ ৰাভাৰ । কিন্তু যুৱতী গৰাকীয়ে শেহতীয়াকৈ প্ৰদীপৰ সৈতে থকা সম্পৰ্ক ছেদ কৰিছিল । যাৰ বাবে ছাত্ৰজনে আত্মহত্যা কৰিছে বুলি সন্দেহ কৰিছে ।

অৱশ্যে এতিয়ালৈ ছাত্ৰজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে ঘটনাৰ কাৰণ জানিব পৰা যাব ।

লগতে পঢ়ক :Diesel price : ৰাজ্যত বিদ্যুৎ মাচুলৰ পাছত এইবাৰ ডিজেলৰ মূল্য বৃদ্ধি

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.