Assam tea industry in crisis: ডিপ্লিং চাহ বাগিচা লীজত দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা শ্ৰমিকৰ
🎬 Watch Now: Feature Video
সংকটত অসমৰ চাহ উদ্যোগ(Assam tea industry in crisis) । ৰাজ্য চৰকাৰে চাহ বাগিচাৰ উন্নয়নৰ ব্যৱস্থা কৰাৰ কথা কৈ থকা সময়তেই অসম চাহ নিগম লিমিটেড(Assam Tea Corporation Limited)লৈ নামি আহিছে সংকট । অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত অসম চাহ নিগম লিমিটেডৰ অধীনস্থ বহু কেইখন বাগিচা লীজত দিব বিচৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে(Reaction to lease tea garden) । প্ৰতিবছৰে চাহ নিগমৰ লোকচানৰ পৰিমাণ বাঢ়ি অহাত অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে চাহ বাগিচাসমুহ । যাৰ ফলত নিগমৰ অধীনৰ ১৫ খন চাহ বাগিচাৰ ভিতৰত অধিকাংশ বাগিচাকেই এতিয়া লীজত দিয়া হ'ব বুলি চৰ্চা আৰম্ভ হৈছে । মন কৰিবলগীয়া যে লীজত দিবলগীয়া বাগিচাকেইখনৰ ভিতৰত চৰাইদেউ জিলাৰ ডিপ্লিং চাহ বাগিচাৰ নামো অন্তৰ্ভূক্ত আছে । ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকৰ মাজত । ফলত আশংকাৰ সন্মুখীন হৈছে শ্ৰমিকসকল । অনাদায়কৃত ভৱিষ্যনিধিৰ ধন তথা আনুসংগিক ধন আদায় দিয়াৰ পাছতহে বাগিচাখন লীজত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় শ্ৰমিকসকলে ।
Last Updated : Feb 3, 2023, 8:25 PM IST