thumbnail

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:21 PM IST

ETV Bharat / Videos

Protest in Majuli :পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ দাবী জনাই কৰ্মবিৰতি

মাজুলী, ২২ আগষ্ট: অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেন্সন ব্যবস্থা পুনঃপ্ৰৱৰ্তনৰ দাবীত অসমৰ শিক্ষক কৰ্মচাৰী সমাজে আজিৰ পৰা দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিছে । সমগ্র ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলিতো কৰ্মবিৰতি পালন কৰা হয় ।  

মাজুলীৰ আউনিআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰ্মবিৰতি পালন কৰে ৷ চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেন্সন নীতি বাহাল ৰাখি নতুন পেন্সন নীতি বাতিল কৰিবলৈ দাবী জনাই কৰ্মচাৰীসকলে ৷  

প্ৰতিবাদীসকলে কয় যে এইসকল কৰ্মচাৰীক পুৰণি পেন্সন ব্যবস্থা ঘূৰাই দিব লাগে যাতে তেওঁলোকৰ যি অবসৰকালীন যিটো জীৱন তাৰ নিৰাপত্তা দিব লাগে । চৰকাৰে যি সময়লৈকে এই সকল শিক্ষক কৰ্মচাৰীৰ দাবী মানি নলয় তেতিয়ালৈকে এই আন্দোলন নিৰবিছিন্নভাৱে চলি থাকিব বুলি কয় ।

লগতে পঢ়ক:UNESCO TWAS Fellowship: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সঃ অধ্যাপক ডঃ হেমেন শৰ্মালৈ UNESCO TWAS ফেল’শ্বিপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.