Stolen dumper case : ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ চুৰি হোৱা ডাম্পাৰ - ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ চুৰি হোৱা ডাম্পাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16734637-thumbnail-3x2-bis.jpg)
গহপুৰৰ হেলেমত সক্ৰিয় হৈ আছে গাড়ী চোৰ চক্ৰ । কিছুদিন পূৰ্বে টকৌবাৰীস্থিত হেলেম চাৰ্ভিছ নামৰ তেল ডিপুৰ পৰা এখন ডাম্পাৰ অন কেমেৰা চুৰি হোৱাৰ পাচত আজিকোপতি উদ্ধাৰ হোৱা নাই । ইয়াৰ পিছত পুনৰ এখন এক্সেভেটৰ চুৰি হৈছিল চন্দামাৰীৰ পৰা । ইয়াৰ পাছত সোমবাৰে নিশা প্ৰায় ১২ বজাত পুনৰ হেলেম চাৰিআলিৰ দালু নামৰ লোকজনৰ বাসগৃহৰ পৰাই এখন ডাম্পাৰ চুৰি হৈছিল (Stolen dumper case) ৷ কিন্তু গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ ফলত চোৰে হেলেম থানাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতে ডাম্পাৰ এৰি পলায়ন কৰে । ইতিমধ্যে হেলেম থানাই ডাম্পাৰখন জব্দ কৰি অনুসন্ধান আৰম্ভ কৰিছে (Stolen dumper found on NH 15) ৷
Last Updated : Feb 3, 2023, 8:30 PM IST