Hemaprava Chutia: পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াক ৰাজ্যিক বেজেপিৰ সম্বৰ্ধনা - State BJP felicitates Hemaprabha Chutia
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 28 জানুৱাৰী: পদ্মশ্ৰী বঁটা প্ৰাপক মৰাণৰ হেমপ্ৰভা চুতীয়াক(Hemaprava Chutia) সম্বৰ্ধনা জ্ঞাপন ৷ ৰাজ্যিক বিজেপিৰ এটা সঁজাতি দলে শনিবাৰে জ্ঞাপন কৰে সম্বৰ্ধনা ৷ উল্লেখ্য যে, হস্ত-তাঁতশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ উলিয়াই পৰিচিত হৈ পৰা মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ আগবঢ়াইছে পদ্মশ্ৰী সন্মান । ইয়াৰ পাচতে বিশিষ্ট শিল্পীগৰাকীক সম্বৰ্ধনা জনাবলৈ তেওঁৰ মৰাণৰ গৃহত ভিৰ কৰিছে অসংখ্য লোকে ।
শনিবাৰে হেমপ্ৰভা চুতীয়াক সম্বৰ্ধনা জ্ঞাপনৰ বাবে উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সম্পাদক বিকুল ডেকা, ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, বিজেপিৰ ডিব্ৰুগড় জিলা সভাপতিকে ধৰি ৰাজ্যিক আৰু জিলা বিষয়ববীয়া ৷
হেমপ্ৰভা চুতীয়াই প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁতশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত 80 ফুট দৈৰ্ঘ্য আৰু 17 ইঞ্চি প্ৰস্থৰ ‘গুণমালা’ বৈ চমক সৃষ্টি কৰিছিল । ইয়াৰ পিচতে ক্ৰমে তেওঁ 200 ফুট দৈৰ্ঘ্যৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘নামঘোষা’, 150 ফুট দৈৰ্ঘ্যৰ ‘শ্ৰীমদ্ভাগৱত গীতা’ সংস্কৃতত আৰু শেহতীয়াকৈ 280 ফুট দৈৰ্ঘ্যৰ ‘শ্ৰীমদ্ভাৱত গীতা’ ইংৰাজীত বৈ উলিয়াই চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল(Hemprabha weaves Bhagavad Gita) ।
হেমপ্ৰভা চুতীয়াৰ এই সৃষ্টিৰাজিৰ বাবে অসম চৰকাৰে 2022 বৰ্ষত অসম গৌৰৱ বঁটা প্ৰদান কৰাৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়চোৱাত তেওঁলৈ বিভিন্ন বঁটাও আগবঢ়াইছে(Padmashri awardee Hemaprava Chutia) । আৰ্থিক অনাটনৰ মাজেৰে নিজৰ সৃষ্টিক সফল ৰূপ দিয়া হেমপ্ৰভা চুতীয়াক কেন্দ্ৰীয় চৰকাৰে এই সন্মান প্ৰদান কৰিলেও তেওঁৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ বাবে আজি পৰ্যন্ত চৰকাৰে সু-ব্যৱস্থা গ্ৰহণ নকৰিলে ।
আনহাতে হেমপ্ৰভা চুতীয়াক সম্বৰ্দ্ধনা জনাই ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই কয় যে, তেওঁক সংগ্ৰহালয় নিৰ্মাণ কৰি দিয়াৰ বাবে দলৰ ৰাজ্যিক নেতৃত্বৰ লগতে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰীগৰাকীৰ লগত আলোচনা কৰিব ।
লগতে পঢ়ক: Bagawati Samaj Golden Jublee : দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যৱসিত টীয়ক