Mahapurush Srimanta Sankardev: মৰিগাঁৱৰ গেৰুৱাত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ পালন - Sankardev Birth Anniversary Celebration

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:46 PM IST

মৰিগাঁও, 30 ছেপ্টেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত গেৰুৱাৰ শংকৰ-মাধৱ আঞ্চলিক শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰে ৷ দুদিনীয়াকৈ অনুষ্ঠিত মহোৎসৱৰ আজি সামৰণি পৰে ৷ শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত গেৰুৱাৰ শংকৰ-মাধৱ আঞ্চলিক শাখাৰ আতিথ্যত গুৰুজনাৰ 575 সংখ্যক আভিৰ্ভাৱ মহোৎসৱ উলহ-মালহেৰে পালন কৰে ৷

প্ৰথম দিনা পুৱা গুৰুৰ আসন প্ৰতিষ্ঠা কৰাৰ লগতে ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়াই মূল মণ্ডপৰ শুভ উদ্বোধন কৰাৰ উপৰিও স্মৃতিগ্ৰন্থ ‘‘শিৰোমণি’’ৰ উন্মোচন কৰে ৷ আনহাতে সভাগৃহৰ মূলমঞ্চ শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ৷ জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত মানৱ জীৱনত ‘মই’ ভাৱ ত্যাগ কৰি ৰাইজৰ হকে সেৱা আগবঢ়ায় যাবলৈ আহ্বান জনায় ৷ 

লগতে পঢ়ক:Ek Asom Yatra: দিল্লীৰ পৰা দিছপুৰলৈ ফেচিবাদী শাসকে আমাৰ ইতিহাস,ভাষা-কৃষ্টি-সংস্কৃতি সকলো বিকৃত কৰিছে; লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.