Sankar janmotsav Morigaon:মৰিগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্ম জয়ন্তী পালন - morigaon

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:59 PM IST

মৰিগাঁও, 25 ছেপ্টেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম জন্ম জয়ন্তী ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ মালহৰে পালন কৰা হৈছে । নাম-প্ৰসংগৰ লগতে বিভিন্ন ঠাইত ভাওনাৰ আয়োজন কৰা হৈছে ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন নামঘৰ, কীৰ্তন ঘৰ, সত্ৰ অনুষ্ঠান আদিত দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে ।

মৰিগাঁও জিলাৰ জাগীৰোডৰ বহা বৰজাৰী বৰনামঘৰত মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ ৫৭৫ তম জন্ম জয়ন্তী ব্যাপক আয়োজন কৰা হৈছে । সমগ্ৰ অঞ্চলটোতে এক ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে । জাগীৰোডৰ বহা বৰজাৰী বৰনামঘৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে জন্ম জয়ন্তী । জন্ম জয়ন্তী উপলক্ষে সোমবাৰে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা ৷ কেইবা শতাধিক ভকত-বৈষ্ণৱ, আই-মাতৃ, সেৱক-সেৱিকা, শিশুসকলৰ অংশগ্ৰহণেৰে সমগ্ৰ বহা বৰজাৰী অঞ্চল পৰিভ্ৰমণ কৰা হয় এই শোভাযাত্ৰাৰে । এই ভাগৱত শোভাযাত্ৰাৰ সময়ত ভক্তপ্ৰাণ ৰাইজে পদূলিয়ে পদূলিয়ে ধূপ-ধূনা জলাই ভাগৱতৰ আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Birth anniversary of Srimanta Sankardeva:ৰাজ্যৰ চৌদিশে উদযাপন শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব তিথি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.