Bhupen Borah: মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত কেইজনমান মন্ত্ৰীয়ে চলাইছে ছিণ্ডিকেট; ভূপেন বৰা - ছিণ্ডিকেট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 28, 2023, 7:52 PM IST

গুৱাহাটী,২৮ জুন: মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত কেইজনমান মন্ত্ৰীয়ে ছিণ্ডিকেট চলাই থকাৰ বাবে শাক-পাচলিকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলঙ্ঘী দামবৃদ্ধি হৈছে ৷ এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ বুধবাৰে দামবৃদ্ধিৰ প্ৰসংগত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে তেওঁ সকলোৰে নাম এফালৰ পৰা কৈ দিব পাৰে । কোন মন্ত্ৰীয়ে কোন মাছৰ গাদীৰ পৰা ৫ লাখ টকা পায়, কোনে ১০ লাখ টকা পায়, সেই কথা তেওঁ জানে তথা নাম ক’ব পাৰে বুলি সদৰী কৰে ৷

তেওঁ লগতে কয় যে পাণৰ মানুহে, চুপাৰিৰ মানুহে মন্ত্ৰীক টকা দিব লাগে ৷ নাম কৈ দিব পাৰো কিন্তু কৈ দিলে মানহানিৰ গোচৰ দিব আৰু আদালতত ব্যস্ত হৈ থাকিব লাগিব ৷ যাৰ বাবে নাম ৰাজহুৱা নকৰে বুলি তেওঁ কয় ৷ কয়লা ছিণ্ডিকেটৰ অংশ দুই-এজন সাংবাদিকেও পায় বুলিও ভূপেন বৰাই অভিযোগ উত্থাপন কৰে ৷  

বৰাই কয়, ‘‘শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা কেইজনমান সাংবাদিকে কয়লাৰ পইচা পায় ৷ বর্তমান অসমত চৰকাৰী পৃষ্ঠপোষকতাতে মাছৰ নামত, পাণৰ নামত, কণীৰ নামত, কয়লাৰ নামত, চুপাৰীৰ নামত, কাঠৰ নামত, শিলৰ নামত পৃথকে পৃথকে ছিণ্ডিকেট চলি আছে ৷’’ এনে ছিণ্ডিকেটৰ বাবেই আজি সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ বোজা বহন কৰিব লগা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷ ইফালে মণিপুৰৰ প্ৰসংগত তেওঁ কয় যে মণিপুৰবাসীৰ এই সংকটৰ সময়ত প্ৰধানমন্ত্ৰী অহাটো দায়িত্ব ৷ মণিপুৰত জুই জ্বলোৱা মানুহজন দুৰ্ভাগ্যক্ৰমে অসমৰ বুলিও অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷

লগতে পঢ়ক: Amit Malviya booked: বিজেপিৰ আইটি চেলৰ মুৰব্বীৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছৰ গোচৰ ৰুজু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.