কেদাৰনাথত এতিয়া কেৱল তুষাৰপাত, যেন এখন শুভ্ৰ ছাদৰ ! - তুষাৰপাত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 7:38 PM IST

উত্তৰাখণ্ড, 13 ডিচেম্বৰ : বিশ্ববিখ্যাত কেদাৰনাথত ধামত প্ৰচুৰ তুষাৰপাত পৰিলক্ষিত হৈছে ৷ ফলত কেদাৰনাথত অব্যাহত থকাৰ সকলোধৰণৰ নিৰ্মাণকাৰ্যত ব্যাঘাত জন্মিছে ৷ কেদাৰনাথত তুষাৰপাতৰ ফলত এক ফুটতকৈও অধিক উচ্চতা পৰ্যন্ত বৰফ জমা হোৱা দেখা গৈছে ৷

উল্লেখ্য যে হিমালয়ত সম্প্ৰতি বতৰ অতি প্ৰতিকূল ৷ শেহতীয়াকৈ ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত আৰম্ভ হৈছে তুষাৰপাত ৷ কাষৰীয়া অঞ্চলসমূহতো শীতৰ মাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷  

বতৰ বিজ্ঞান বিভাগে হিমালয়ত তুষাৰপাতৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল । বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান সঁচা বুলি প্ৰমাণিত হৈছে । কেদাৰনাথ ধামকে ধৰি সমগ্ৰ হিমালয়ত প্ৰচুৰ তুষাৰপাত দেখা গৈছে । হিমালয়ৰ পাদদেশত শীতৰ মাত্ৰা বৃদ্ধি পাইছে । কেদাৰনাথ ধাম আৰু তুংনাথ ধামত এক ফুটতকৈও অধিক বৰফ জমা হৈছে । মন কৰিবলগীয়া যে কেদাৰনাথ ধামত এতিয়াও ৫০০ তকৈও অধিক শ্ৰমিক আছে । 

লগতে পঢ়ক : তুষাৰপাতৰ বাবে স্তব্ধ হৈ পৰিল কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.