Snatching in Guwahati : স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই দিন-দুপৰতে চিলনী চোৰৰ সফল অভিযান - চানমাৰী আৰক্ষী
🎬 Watch Now: Feature Video

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : পথচাৰীক সুৰক্ষা প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ গুৱাহাটী মহানগৰীৰ আৰক্ষী (Guwahati City Police)৷ দিন-দুপৰতে স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই চিলনী চোৰে লৈ গ’ল মহিলাৰ বেগ ৷ ৰিক্সাত গৈ থকাৰ অৱস্থাতে মহিলাৰ হাতৰ পৰা বেগ কাঢ়ি নিলে চিলনী চোৰে (Snatching in Guwahati)৷
অপৰাধীৰ বিৰুদ্ধে যিমানেই কঠোৰ হোৱা বুলি নকওক অসম আৰক্ষীয়ে, অব্যাহত আছে চোৰ-ডকাইতৰ দপদপনি ৷ নিশাতো বাদেই, দিন-দুপৰতে সুৰক্ষিত নহয় মহানগৰবাসী ৷ মহানাগৰিকক সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা মহানগৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই সোমবাৰে দিন-দুপৰতে ৰিক্সাৰ যাত্ৰীৰ পৰা চিলনী চোৰে লৈ গ’ল নগদ ধন, মোবাইল ফোন, নথি-পত্ৰ থকা বেগ ৷
মহানগীৰ শিলপুখুৰীত সংঘটিত হ’ল এই ঘটনা ৷ ক’লা ৰঙৰ পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই শিলপুখুৰীৰ কৰ্ণাচল পথত সংঘটিত কৰে এই ঘটনা ৷ জানিব পৰা মতে, সোমবাৰে দিনৰ ভাগত শিলপুখুৰী ৰে’লপথৰ সমীপৰ বাসিন্দা মিনজুৱাৰা খাতুন নামৰ মহিলাগৰাকীয়ে অসুস্থ মাতৃক চিকিৎসকক দেখুৱাবলৈ কৰ্ণাচল পথ হৈ চানমাৰিলৈ ৰিক্সাৰে গৈ আছিল ৷
তেনে সময়তে পিছফালৰ পৰা বাইকেৰে অহা দুই যুৱকে মহিলাগৰাকীৰ হাতত থকা বেগটো কাঢ়ি তীব্ৰ বেগেৰে পলায়ন কৰে (Snatched from Women in Guwahati)৷ এনে আকস্মিক ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ পৰা ভুক্তভোগী মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰে যদিও সেই সময়ত সহায় কৰিবলৈ আগবাঢ়ি নাহে কোনো লোক ৷
উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে চানমাৰী আৰক্ষীৰ (Chandmari Police Station) কাষ চাপি সকলো কথা বিৱৰি কয় । ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি চিলনী চোৰে কাঢ়ি নিয়া বেগটোৰ ভিতৰত আছিল নগদ 2650 টকা, তিনিটা ম’বাইল ফোন, সোণৰ গহনা, এ টি এম কাৰ্ড, বেংকৰ পাছবুক, পেন কাৰ্ড আদিকে ধৰি বহু নথি-পত্ৰ ৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে চানমাৰী আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷
ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে বেগটোৰ ভিতৰত থকা ম’বাইল ফোন তিনিটা, সোণৰ গহনা আৰু নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল স্মাৰ্ট আৰক্ষী ৷ অৱশ্যে বেগটোৰ ভিতৰত থকা সামগ্ৰী খিনিৰ লগতে দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে, ঘটনাটো সংঘটিত কৰিয়েই চোৰে বেগটোৰ পৰা নগদ ধন, গহনা, ম’বাইল ফোন আদি সংগ্ৰহ কৰি পথতে বেগটো পেলাই থৈ যায় ৷
লগতে পঢ়ক: Cattle recovered in Kaliabor: গৰুৰ অবৈধ সৰবৰাহ, পৃথকে চলোৱা অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ গৰু