Timber smuggling in Assam:কলিয়াবৰত জব্দ চোৰাং কাঠভৰ্তি বাহন - Timber smuggling in West Karbi Anglong

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 3, 2023, 7:48 PM IST

কলিয়াবৰ, ৩ জুন:ৰাজ্য় চৰকাৰৰ নীতি-নিৰ্দেশনা আৰু বন সুৰক্ষাৰ আহ্বানৰ পিচতো ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই অবাধে চলাই আছে বন ধ্বংস ৷ এই বনাঞ্চল ধ্বংস কৰি একাংশ দুষ্কৃতিকাৰীয়ে চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আছে ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ  লগতে নগাঁৱত চলিছে এই বেহা (Timber smuggling in West Karbi Anglong)।

শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বন বিভাগে জব্দ কৰিছে এখন চোৰাং কাঠভৰ্তি বাহন । কাৰ্বিআংলঙৰ পৰা জনৈক বৰলা নামৰ কাঠ ব্যৱসায়ীৰ নেতৃত্বত সৰবৰাহ হৈছিল মূল্যৱান কাঠ খিনি (Smuggling timber seized in Kaliabor)। বন বিভাগে কলিয়াবৰৰ কাঞ্চনজুৰি ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে জব্দ কৰে এই বাহনখন । কাৰ্বি আংলং দিশৰ পৰা নগাঁও অভিমুখী AS 02 A 7906 নম্বৰৰ বাহনখন বন বিভাগে জব্দ কৰে যদিও চালকে উক্ত ঠাইৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:Assam police officers assets: 300 আৰক্ষী বিষয়াই ঘোষণা কৰা নাই সম্পত্তিৰ তালিকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.