Ganja seized: 37 লাখ টকাৰ গাঞ্জাসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - 37 লাখ টকাৰ গাঞ্জা জব্দ
🎬 Watch Now: Feature Video
আগৰতলা, 25 জুন : ত্ৰিপুৰাক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে আৰক্ষীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান ৷ চুৰাইবাৰী আৰক্ষীৰ বৃহৎ সফলতা ৷ অসম-ত্ৰিপুৰাত মাদক দ্ৰব্য বিৰোধী অভিযান কটকটীয়া কৰি উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে ইটোৰ পিচত সিটোকৈ ড্ৰাগছ বিৰোধী অভিযান চলাই শিৰোনাম দখল কৰি আহিছে ৷ ত্ৰিপুৰাক ড্ৰাগছ মুক্ত কৰাৰ লক্ষ্যৰে মাজনিশাও সমগ্ৰ জিলাতে টহল দিয়ে আৰক্ষী বিষয়াই ৷
ইয়াৰ মাজতে শনিবাৰে নিশা এক গোপন তথ্যৰ ভিত্তিত চুৰাইবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তত্বাৱধানত এটা দলে অসম-আগৰতলা 8 নং ৰাষ্ট্ৰীয় ঘাইপথ নকা পইণ্টত এক অভিযান চলায় ৷ এই অভিযানৰ সময়তে আগৰতলাৰ পৰা শিলচৰ অভিমুখে আহি থকা এখন বাৰচকীয়া ট্ৰাকত তালাচী চলাওঁতে কেবিনৰ গোপন কোঠাৰ পৰা 50 টা পেকেটত 240 কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয় ৷
লগতে ট্ৰাক চালক আব্দুল ৰহমানকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ ক’লা বজাৰ মূল্য প্ৰায় 37 লাখ টকা হ’ব ৷ সম্প্ৰতি আৰক্ষীয়ে সৰবৰাহকাৰীটোক এন ডি পি এছ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷
লগতে পঢ়ক: Heroine seized: 18 কোটি টকাৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ