Drugs Paddler Detained: মহানগৰীৰ ছয়মাইলত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক - মহানগৰীৰ ছয়মাইলত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
🎬 Watch Now: Feature Video


Published : Oct 17, 2023, 7:41 PM IST
গুৱাহাটী,১৭ অক্টোবৰ: মহানগৰীৰৰ ছয়মাইলত পুনৰ এছ টি এফৰ অভিযানত আটক তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । সৰবৰাহৰকাৰী তিনিটা ক্ৰমে মনিপুৰৰ হাবিবুৰ ৰহমান, নগাঁও ধিঙৰ ইদৰিছ আলি, মানকাচাৰৰ আলিমুদ্দিন আলি । সৰবৰাহকাৰী কেইটাৰ পৰা ছয় কিলোগ্ৰাম ওজনৰ ৬০০০০ হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰে STF য়ে । জানিব পৰা মতে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহকাৰী কেইটাই মহানগৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল ।
মঙলবাৰে পুৱাৰ ভাগত ছয়মাইলৰ মণিপুৰী ৰাইছ নামৰ হোটেলৰ ওচৰৰ পৰা আৰক্ষী উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক কল্য়াণ পাঠকৰ নেতৃত্বত অভিযান চলাই তিনিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে কেইদিনমান পূৰ্বেও এছ টি এফৰ এটা দলে মহানগৰীৰ লখৰা আৰু দক্ষিনগাঁৱত অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও ড্ৰাগছ ব্যৱসায়ীক ।
লগতে পঢ়ক: Opium Seized : নিষিদ্ধ আফিংসহ ৰঙিয়া আৰক্ষীৰ জালত দুজন