গোলাঘাটৰ কছাৰীহাটত পুনৰ জব্দ গৰুভৰ্তি বাহন - Smuggled cattle seized in Kasarighat
🎬 Watch Now: Feature Video
গোলাঘাট জিলাত পুনৰ সক্ৰিয় হৈছে গৰু চুৰি চক্ৰ(Cattle smuggling in Golaghat)। জিলাখনৰ কছাৰীহাটত(Smuggled cattle seized in Kasarighat)দেওবাৰে নিশা গাঁওৰক্ষী বাহিনীয়ে গৰুভৰ্তি বাহন এখন জব্দ কৰে । উল্লেখ্য় যে বিগত চাৰি দিনত দুখনকৈ গৰুভৰ্তি বাহন জব্দ কৰে গাঁওৰক্ষী বাহিনীয়ে(VDP seized cattle with vehicles in Golaghat)। দেওবাৰেও নিশা চোৰাংকৈ গৰু সৰবৰাহ কৰোতেই খেদি খেদি বাহনখন জব্দ কৰে শিয়ালেখাতি-খুমটাই গাঁওৰক্ষী বাহিনীয়ে । ঘটনাৰ বিৱৰণি অনুসৰি নিশা গোলাঘাটৰ অঁকাআলি হৈ আঠখেলীয়া অভিমুখে যোৱা দুখন গৰুভৰ্তি বাহন প্ৰত্যক্ষ কৰে গাঁওৰক্ষী বাহিনীয়ে । এই বাহন দুখনক ৰ'বলৈ সংকেত দিয়াৰ পিছতো পলাবলৈ চেষ্টা কৰাত বাহন দুখনক পিছে পিছে খেদি যায় গাঁওৰক্ষী বাহিনীয়ে । পিছত AS05 C7173 নম্বৰৰ বলেৰ' পিক আপ ভেন এখন কছাৰীহাট হাইস্কুলৰ সমীপত জব্দ কৰিবলৈ সক্ষম হয় যদিও পলাই সাৰে আনখন বাহনে । অৱশ্য়ে বাহনখন জব্দ হোৱাৰ পূৰ্বেই পলায়ন কৰে চালক আৰু কৰ্মচাৰীয়ে । উক্ত বাহনখনত ১৪ টা চোৰাং গৰু জব্দ কৰি গোলাঘাট আৰক্ষীক গতাই দিয়ে গাঁওৰক্ষী বাহিনীয়ে।
Last Updated : Feb 3, 2023, 8:27 PM IST