Cattle smuggling in Assam:মহানগৰীত জব্দ চোৰাং গৰুভৰ্তি বাহন

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 1:09 PM IST

thumbnail

গুৱাহাটী ৪ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । নিশাৰ আন্ধাৰৰ সুযোগ লৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ আছে চোৰাং গৰুভৰ্তি বাহন । ইয়াৰ মাজতেই শুক্ৰবাৰে নিশা মঙলদৈৰ পৰা গুৱাহাটীৰ হাতীগাঁৱলৈ AS13 AC3050 নম্বৰৰ এখন ডি আই বাহনত অনা হৈছিল দহটাকৈ গৰু । পিছত মহানগৰীৰ সাওকুছিত স্থানীয় ৰাইজৰ সহযোগত বশিষ্ঠ থানাৰ আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তী বাহনখন। লগতে আটক কৰে বাহনখনৰ চালক -হেণ্ডিমেন ক্ৰমে ধনমনি আহমেদ আৰু ৰিজুল আলীক ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । আৰক্ষীয়ে এনে বেপাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পিচতো কাৰ আশীৰ্বাদত মহানগৰীৰ মাজেৰে প্ৰতিদিনে পাৰ হয় অবৈধ গৰুভৰ্তি বাহন তাক লৈ ৰাইজৰ মাজত হৈছে চৰ্চা ।  

লগতে পঢ়ক:Ajmal on Congress : এইবাৰ নিৰ্বাচনত ভূপেন বৰাই ডাঙৰ এটা হাঁহৰ আণ্ডা পাব : আজমল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.