SMSS hold protest against NHPC: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ - প্ৰতিবাদ সাব্যস্ত
🎬 Watch Now: Feature Video
Published : Nov 14, 2023, 5:05 PM IST
মাজুলী, 14 নৱেম্বৰ : “মোমাই ঐ সোৱণশিৰি হৈ থাকিবলৈ দিয়ক, নৈ খন সোঁৱৰণশিৰি নকৰিব", মাজুলী জিলা ছাত্ৰ মুক্তিৰ অনুৰোধ ৷ NHPC ৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ । বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে মঙলবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত প্ৰতিবাদ সাব্যস্ত কৰে মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।
মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আজি গণ অৱস্থান কাযৰ্সূচীত সংগঠনটোৰ অৰ্ধশতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদস্থলীৰ পৰা এইসকল প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় চৰকাৰ মূর্দাবাদ, অসম চৰকাৰ মূর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই বৃহৎ নদীবান্ধৰ ফলত লখিমপুৰ, মাজুলী, ধেমাজিত যি ভয়াৱহতাৰ সৃষ্টি হ’ব তাৰ বাবে জগৰীয়া বিজেপি চৰকাৰ হ’ব বুলি মন্তব্য কৰে মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।
এই বৃহৎ নদীবান্ধ এটা জলবোমা গতিকে এই জলবোমা অতি সোনকালে ভাঙি দিয়াৰ দাবী মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । প্ৰতিবাদস্থলীৰ পৰা মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা প্ৰশাসনৰ জৰিয়তে এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে । যদিহে অতি সোনকালে এই জলবোমা ভাঙি নেপেলাই তেতিয়াহ’লে আহি থকা দিনত ইয়াৰ বিৰুদ্ধে সংগ্ৰাম অধিক তীব্ৰতৰ হ’ব বুলি মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হুংকাৰ দিয়ে ।
লগতে পঢ়ক : NHPC Big dam: অসমক ক্ষতি কৰিব পৰা কাৰ্যত সহযোগ নকৰে অসম সাহিত্য সভাই: ড৹ সূৰ্যকান্ত হাজৰিকা