Small Tea Farmers Association hold protest:নিৰ্বাচন বৰ্জনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:22 PM IST

যোৰহাট, 23 আগষ্ট : চাহৰ গুণাগুণ আৰু মানদণ্ড হ্ৰাস কৰাত কোনে কৰিছে ষড়যন্ত্ৰ ? কেঁচা চাহপাতৰ উচিত মূল্য দিয়া, ৰেহাই মূল্যত ক্ষুদ্ৰ চাহ খেতিয়কক সাৰৰ যোগান ধৰা, বটলীফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কক দীৰ্ঘদিন ধৰি কৰি অহা শোষণ বন্ধ কৰাকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । খেতিয়ক সন্থাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত কয় যে, এক কিলোগ্ৰাম কেঁচা চাহপাতৰ উৎপাদন ব্যয় ২৪ টকা, তেনেস্থলত বটলীফ ফেক্টৰীসমূহে প্ৰতিকিলো কেঁচা চাহপাতত ১৫ ৰ পৰা ২০ টকা দি ক্ষুদ্ৰ চাহ খেতিয়কসকলক শোষণ কৰি অহাৰ লগতে চাহৰ মানদণ্ড হ্ৰাস কৰাৰ ক্ষেত্ৰত যোগাত্মকভাৱে কাম কৰি আহিছে ।

সেয়েহে চাহৰ মানদণ্ড অক্ষুণ্ণ ৰাখি কেঁচা চাহপাতৰ উচিত মূল্য দিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক বাধ্য কৰাবলৈও চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷ লগতে ৰাজ্য চৰকাৰ আৰু চাহ খেতিৰ লগত জড়িত সশ্লিষ্ট কৰ্তৃপক্ষই ক্ষুদ্ৰ চাহ খেতিয়কক গুৰুত্ব নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

অন্যহাতে ক্ষুদ্ৰ চাহ খেতিয়কে কৰি অহা দাবী আৰু সমস্যাসমূহ যদি শীঘ্ৰেই চৰকাৰে ফলপ্ৰসূ নকৰে, তেতিয়া হ’লে নিৰ্বাচন বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

লগতে পঢ়ক : NPS Employee Protest: NPS বাতিলৰ দাবীত কৰ্মচাৰীৰ প্ৰতিবাদত অচল যোৰহাট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.