Police arrested SI in Darrang : কৰ্তব্যত গাফিলতিৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

🎬 Watch Now: Feature Video

thumbnail

দৰং, 23 জুন : খোদ আৰক্ষীৰ হাততে গ্ৰেপ্তাৰ হ’ল আৰক্ষী ৷ কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আৰক্ষী বিষয়াক ।ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাক্সা জিলাৰ District special branch ত কৰ্মৰত উপ পৰিদৰ্শক নুৰুদ্দিন আহমেদক । বৰ্তমান বাক্সা জিলাৰ স্পেচিয়েল শাখাত কৰ্মৰত এইগৰাকী আৰক্ষী বিষয়াই কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উঠিছিল ।

নুৰুদ্দিন আহমেদ ছিপাঝাৰ থানাত কৰ্তব্যৰত হৈ থকা সময়ত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছিল দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে । শুকুৰবাৰে বিষয়াজনক গ্ৰেপ্তাৰ কৰে ছিপাঝাৰ আৰক্ষীয়ে । বিষয়াজনৰ বিৰুদ্ধে ছিপাঝাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 231/2023/ us-379/201/204/217/120(B)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় আৰক্ষী বিষয়াজনক ।

শনিবাৰে মঙলদৈত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিষয়াগৰাকীক হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে । নুৰুদ্দিন আহমেদৰ ঘৰ নলবাৰীৰ বেলশৰত ৷

লগতে পঢ়ক : Barack Obama on PM Modis US visit : ভাৰতত যত্ন ল'বলৈ বহু হুছেইন অ'বামা আছে; সাংবাদিকেৰে টুইট যুদ্ধ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.