thumbnail

By

Published : Jan 7, 2023, 10:47 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Sarbananda Sonowal in Dibrugarh: মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগাইছে মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে: সোণোৱাল

ডিব্ৰুগড় জিলাৰ মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে বিগত 25 টা বছৰে শিক্ষাৰ পোহৰ বিয়পাই সমগ্ৰ অঞ্চলটোক বৌদ্ধিকভাৱে প্ৰাণৱন্ত কৰি ৰাখিছে (Silver Jubilee celebrations of Marichagaon HS School in Dibrugarh)। স্থানীয় ৰাইজৰ সহযোগত বিদ্যালয়খনে এটি শক্তিশালী শিক্ষা আন্দোলন গঢ় দিয়াৰ লগতে মানৱ সম্পদ নিৰ্মাণতো অৰিহণা যোগাইছে । শনিবাৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal in Dibrugarh) ৷ লগতে তেওঁ কয়, ‘‘উঠি অহা প্ৰজন্মই শৃংখলাবদ্ধভাৱে পৰিশ্ৰম কৰিব লাগিব ৷ গুৰু গোসাঁই মানিব লাগিব ৷ সততা-নিষ্ঠাৰে ব্যক্তিত্ব নিৰ্মাণ কৰাৰ লগতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । ইয়াৰ বাবে তিনি মহাশক্তি ক্ৰমে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে লক্ষ্য স্থিৰ কৰিব লাগিব’’ ৷ উল্লেখ্য যে, উক্ত অনুষ্ঠানত সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ'কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল দাসৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শতাধিক ৰাইজ ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.