thumbnail

By

Published : Jul 30, 2023, 9:03 AM IST

ETV Bharat / Videos

Silchar NIT: হোষ্টেলৰ ৰান্ধনীক প্ৰহাৰ কৰা ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব শিলচৰ NIT কৰ্তৃপক্ষই

শিলচৰ, 30 জুলাই : ম’বাইল চুৰিৰ অভিযোগত উচ্চ শিক্ষা প্ৰতিষ্ঠান NIT ত সংঘটিত হৈছিল গণ প্ৰহাৰৰ ঘটনা ৷ চুৰিৰ অভিযোগত 4 নং হোষ্টেলৰ তিনি ৰান্ধনীক দলৱদ্ধভাৱে আক্ৰমণ চলাইছিল শিক্ষা প্ৰতিষ্ঠানখনৰ একাংশ ছাত্ৰই ৷ ঘটনা সন্দৰ্ভত এন আই টি কৰ্তৃপক্ষই এখন তদন্ত সমিতি গঠন কৰে ।শনিবাৰৰ বিয়লি তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰে । 

প্ৰতিবেদন লাভ কৰাৰ পিছত এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত কয়, শিক্ষা প্ৰতিষ্ঠানখনৰ পঞ্জীয়ক কে এল বৈষ্ণৱে । লগতে, নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় পঞ্জীয়কগৰাকীয়ে । শিলচৰ এন আই টিত সংঘটিত হোৱা মৰেল পুলিচিঙৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাছাৰ আৰক্ষীয়ে । 

শনিবাৰে কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাস, সদৰ থানাৰ অ’ চি অৰ্মিত কুমাৰ সিং, আৰক্ষীৰ এটা দলে এন আই টিত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত কৰে তদন্ত ।  

উল্লেখ্য যে, গণপ্ৰহাৰৰ ঘটনাত আহত ৰান্ধনী তিনিজন হৈছে বিকি, মনা দাস আৰু দৰ্পন ৰাজকুমাৰ । ইয়াৰ ভিতৰত বিন্নাকান্দিৰ নিবাসী ৰাজকুমাৰৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হয় বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক : NIT Moral Policing : NIT ছাত্ৰৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত তিনি ৰান্ধনী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.