Junmoni Rabha Mother in Nagaon : আইনী যুঁজৰ বাবেও সাজু হৈছে জোনমণিৰ পৰিয়ালবৰ্গ - জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যু
🎬 Watch Now: Feature Video
নগাঁও, 19 মে’ : উঠি অহা গাভৰু জীয়ৰীক হেৰুৱাই শোকত ভাগি পৰিছে সদ্য প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মাতৃ ৷ কাকো যেন একো ক’বলৈ ভাষা নাই এতিয়া জোনমণিৰ মাতৃৰ ৷ জীয়ৰীক হেৰুৱাৰ যন্ত্ৰণাৰ মাজতে আইনী যুঁজৰ বাবেও সাজু হৈছে জোনমণিৰ পৰিয়ালবৰ্গ ৷
শুকুৰবাৰে জোনমণিৰ মাতৃয়ে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হৈ জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যু ন্যায় বিচাৰি দাখিল কৰে এজাহাৰ (FIR against Junmoni Rabha accident case) ৷ এজাহাৰত আছে নগাঁৱৰ তিনিগৰাকী আৰক্ষীৰ নাম ৷ তাৰ পাচতে নিশাৰ ভাগলৈ নগাঁৱৰ আৰক্ষীৰ আবাস গৃহত উপস্থিত হয় জোনমণিৰ মাতৃসহ তেওঁৰ পৰিয়ালৰ কেবাজনো সদস্য (SI Junmoni Rabha Mother at Nagaon police quarter) ৷ নগাঁৱৰ আৰক্ষীৰ আবাস গৃহত উপস্থিত হৈ জোনমণিৰ মাতৃ আবেগিক হৈ পৰে ৷
লগতে পঢ়ক : Junmoni Rabha updates: ‘‘মোৰ ছোৱালীজনীক ন্যায় দিয়ক’’; জোনমণিৰ মাতৃয়ে মাথোঁ উচুপিছে