Illegal penalty in traffic control: ৰাইজৰ ৰোষত উপ-পৰিদৰ্শক বিভাষ লাল সিনহা

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 10:23 PM IST

thumbnail

ধুবুৰী,২৫ অক্টোবৰ: বিলাসীপাৰা চহৰত ৰাইজৰ ৰোষত যান-বাহন আৰক্ষী উপ-পৰিদৰ্শক বিভাষ লাল সিনহা । যান-বাহন নিয়ন্ত্ৰণ আৰক্ষী উপ-পৰিদৰ্শকৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে বিলাসীপাৰাৰ সৰ্বসাধাৰণ ৰাইজ । অবৈধভাবে জৰিমনা বিহাৰ বাবে ৰাইজৰ ৰোষত পৰিল বিষয়াগৰাকী । চহৰখনত যান-বাহন নিয়ন্ত্ৰণ আইনক নিতৌ ভৰিৰে মোহাৰি থকাৰ পাছতো ৰহস্যজনকভাৱে নীৰৱ ভুমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছে ।  

চহৰখনৰ মুলপথৰ ওপৰতে নিতৌ টেম্পো, ই-ৰিক্সা, বিকট শব্দৰে চলাচল কৰা তীব্ৰ বেগী মটৰচাইকেলৰ আৰোহীয়ে যান-বাহন আইন ভংগ কৰি আহিছে । পথকে আস্থান বনাই যাত্ৰী উঠোৱা-নমোৱা কৰি আহিছে । ফলত চহৰখনত সঘনাই যানজঁটৰ সৃষ্টি হয় । তাৰোপৰি ন'পাৰ্কিং লিখা এলেকাত পাৰ্কিং জ'ন হিচাপে পৰিগণিত হৈছে চহৰখনত । পথচোৱাৰ ওপৰতে কেবাটাও যান-বাহন আৰক্ষীৰ উপ-পৰিদৰ্শক বিভাষ লাল সিনহাৰ নেতৃত্বত অবৈধ পাৰ্কিং চলি থকাৰ অভিযোগ উঠি থকাৰ পিছতো যান-বাহন নিয়ন্ত্রণ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।  

এনে এশ এবুৰি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বুধবাৰে চহৰখনৰ গান্ধী চ'কত ৰখা চাৰিচকীয়া বাহনৰ জৰিমনা বিহিবলৈ অহা কাণ্ডত উপস্থিত ৰাইজ জাঙুৰ খাই উঠে । ক্ষুব্ধ ৰাইজে যান-বাহন আৰক্ষী বিষয়াক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে । এইক্ষেত্ৰত ধুবুৰী জিলা আৰক্ষী অধীক্ষক তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ।  

লগত পঢ়ক: Toll gates in Assam: ফুৰিব নে ৰাজহৰ ধন দিব চৰকাৰক ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.