Mahashivratri 2023: মহা শিৱৰাত্ৰি উপলক্ষ্যে টিলিঙা মন্দিৰলৈ অগনন ভক্তৰ আগমন - Mahasivratri 2023 celebrated in assam
🎬 Watch Now: Feature Video
তিনিচুকীয়া,১৮ ফ্ৰেব্ৰুৱাৰী: আজি পৱিত্ৰ মহা শিৱৰাত্ৰি । শিৱৰাত্ৰি উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো দেখা গৈছে ব্যাপক উচাহ( Maha Shivratri Mahotsav celebrated across the country) । পুৱাৰে পৰা বিৰাজ কৰা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে সমগ্ৰ ৰাজ্যৰ মন্দিৰে মন্দিৰে দেখা গৈছে ভক্তৰ ব্য়াপক সমাগম( Mahasivratri 2023 celebrated in assam ) । দেৱাদিদেৱ মহাদেৱৰ আশীষ বিচাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে । মহাদেৱৰ বন্দনাত মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ ।
প্ৰত্যেক বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত উলহ-মালহেৰে পালন কৰা হয় মহাশিৱৰাত্ৰি (Mahashivratri 2023)। আজিৰ দিনটোতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ শুভ বিবাহ সম্পন্ন হৈছিল বুলি এক ধৰ্মীয় বিশ্বাস আছে (Mahashivratri 2023 Timing)। সেই বাবেই এই বিশেষ দিনটোত ভগৱান শিৱক পূজা কৰিলে ভাল ফল পোৱা যায় বুলি এক জনবিশ্বাস আছে । সেয়েহে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱৰ আৰাধনা স্থলীসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে(Shivaratri celebrated at Tilinga Mandir in Tinsukia) ।
মহা শিৱৰাত্ৰি উপলক্ষে তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত টিলিঙা মন্দিৰতো অগনন ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে ৷ তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত টিলিঙা মন্দিৰতো মহা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা আগমন ঘটিছে অগনন ভক্তৰ ৷ তিনিচুকীয়াৰ লগতে কাষৰীয়া জিলাসমূহৰ পৰাও ভক্তপ্ৰাণ লোকসকল আহি ভগৱান শিৱক আৰাধনা কৰি ঐতিহ্যমণ্ডিত টিলিঙা মন্দিৰত সেৱা লোৱা পৰিলক্ষিত হৈছে ।
উল্লেখযোগ্য যে, তিনিচুকীয়া বৰডুবিস্থিত ঐতিহ্যমণ্ডিত টিলিঙা মন্দিৰৰ আছে এক বিশেষত্ব । এই মন্দিৰত চাকি জ্বলাই, টিলিঙা বান্ধি সেৱা আগৱঢ়ালে মনৰ আশা পূৰণ হয় বুলি আছে এক ধৰ্মীয় বিশ্বাস । সেইমৰ্মে ঐতিহাসিক টিলিঙা মন্দিৰত শিৱৰাত্ৰিৰ উপৰিও বছৰৰ আন আন দিনসমূহতো আগমন ঘটে বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজৰ ।
লগতে পঢ়ক: Shivaratri 2023: শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ বাকৰিত ভক্তৰ সমাগম