thumbnail

By

Published : Apr 3, 2023, 4:31 PM IST

ETV Bharat / Videos

Storm in Tinsukia: বিধ্বংসী ধুমুহাত গৃহহাৰা কেইবাটাও পৰিয়াল

তিনিচুকীয়া,৩ এপ্ৰিল: দেওবাৰে সন্ধিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাখনতো প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হয় (Storm devastated several areas in Tinsukia) ৷ বিশেষকৈ তিনিচুকীয়াৰ সমীপৱৰ্তী অঞ্চল গুইজানত ধুমুহাই বহু লোকৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ভাঙি তচনচ কৰে বহু লোকৰ বাসগৃহ(Storm caused heavy damage to crops in Tinsukia) । এই ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত এতিয়া বিপদত পৰিছে সাধাৰণ খাতিখোৱা লোকসকল ৷ গুইজানৰ খামটিগোৱালী, নলনী চাহ বাগিছা, নতুনগাঁৱত গৃহহীন হৈ পৰিছে বহু খাতিখোৱা লোক ৷  

সমান্তৰালভাৱে পথত গছ ভাঙি, উভালি পৰাৰ ফলত পথ বন্ধ হোৱাৰ উপৰি বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোত (Storm in Tinsukia) ৷ ভুক্তভোগীৰ লগতে স্থানীয় আদিবাসী ছাত্ৰ সন্থাই চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান জনাইছে যে অতিশীঘ্ৰে এইসমূহ দুৰ্ভগীয়াক নিৰীক্ষণ কৰি সহায়ৰ হাত আগবঢ়োৱাৰ লগতে থাকিবলৈ সু-ব্যৱস্থা কৰি দিয়ে যেন ৷ কিয়নো উক্ত অঞ্চলত এতিয়া জৰুৰীকালীনভাৱে থাকিবলৈ কোনো ভৱনৰ ব্যৱস্থা নথকাৰ লগতে বাসগৃহটো নিৰ্মাণ কৰিবলৈও হাতত পুঁজিৰ অভাৱ ভুক্তভোগী লোকসকলৰ ৷ 

লগতে পঢ়ক: Mridangam perform in Amguri: ১২০০ শিল্পীয়ে পৰিৱেশন কৰিলে দেৱবাদ্য মৃদংগ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.