7 health employees rescued : ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ থকা ৭ চিকিৎসা কৰ্মীক উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 18, 2023, 10:28 PM IST

মৰাণ, 18 জুন : চিকিৎসা সেৱাৰ বাবে গৈ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ চিকিৎসকসহ চিকিৎসা কৰ্মীৰ দল ৷ ইয়াৰ পাচতেই যুদ্ধকালীন তৎপৰতাৰে দলটোক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল ডিব্ৰুগড় প্ৰশাসনে । অৱশেষত ২৪ ঘন্টাৰ অন্তত ব্ৰহ্মপুত্ৰৰ চিৰিআলি চাপৰিত আৱদ্ধ হৈ থকা চিকিৎসক-স্বাস্থ্য কৰ্মীৰ দলটোক উদ্বাৰ কৰিবলৈ সক্ষম হয় । NDRF আৰু SDRF বাহিনীৰ যৌথ সহযোগত সন্ধিয়া আৱদ্ধ হৈ থকা দলটোক ডিব্ৰুগড়ৰ মাইজান আৰু অকলেণ্ড ঘাটলৈ সুকলমে লৈ অনা হয় ।  

যোৱা 12 জুনত ব্ৰহ্মপুত্ৰৰ চাপৰিত চিকিৎসা সেৱা আগবঢ়াবলৈ গৈছিল চিকিৎসকৰ দলটোৱে । দলটোত অন্তৰ্ভুক্ত আছিল ডিপিঅ' বিশাল শইকীয়া, চিকিৎসক ডাঃ দীপজ্যোতি ডেকা, লেবৰেটৰী টেকনিচিয়ান সিদ্ধনাথ গগৈ, ফাৰ্মাচিষ্ট অপুল কুমাৰ দাস, এ এন এম নাৰ্চ দময়ন্তী দাস, হিমানী ৰয়, আৰু চি ডব্লিউ ৰমাকান্ত যাদৱ । অৱশ্যে যন্ত্ৰচালিত নাওখনৰ সুৰক্ষাৰ বাবে চালক শ্যাম যাদৱ, মাঝি ৰামচন্দ্ৰ যাদৱ, ৰান্ধনী প্ৰমোদ দত্ত আৰু সহায়ক জীৱন পাল বৰ্তমানেও চাপৰিতে আছে ।  

এই ১১ জনীয়া দলটো শনিবাৰৰ পৰা নদীৰ মাজত আবদ্ধ হৈ আছিল । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা লগতে ঘন কুঁৱলীৰ বাবে পথ চিনিব নোৱাৰি নিশা চাপৰিতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল দলটো । 

লগতে পঢ়ক: Flood at Kaziranga National Park: বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.