All Assam Bengali Youth Students Federation: সলনি হ’ল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধিৱেশনৰ তাৰিখ - সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 22, 2023, 9:08 PM IST

জোনাই/ধেমাজি, ২২ এপ্ৰিল : শনিবাৰে চিলাপথাৰৰ ভৈৰৱপুৰস্থিত স্থায়ী কাৰ্যালয়ত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে আয়োজন কৰে এখনি সংবাদমেল ৷ এই সংবাদমেলৰ জৰিয়তে আয়োজকসকলে কয় যে, পিচুৱাই দিয়া হৈছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশতম দ্বি বাৰ্ষিক অধিৱেশন আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশনখন (Session of All Assam Bengali Youth Students Federation has been postponed) ৷

পূৰ্বৰ সময়সূচী অনুসৰি, চলিত মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অধিবেশনখন আয়োজন কৰাৰ বাবে যো-জা চলোৱা হৈছিল ৷ আনকি মূল মণ্ডপৰ প্ৰায় ৮০ শতাংশ কামো সম্পূৰ্ণ হৈছিল ৷ কিন্তু বিগত ১৯ এপ্ৰিলত অহা এজাক বিধ্বংসী ধুমুহাই সকলো তচ নচ কৰি পেলায় (Hailstorm in Dhemaji)৷

এই ধুমুহাৰ ফলত অঞ্চলটোৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৮০ শতাংশ লোকৰ ঘৰ দুৱাৰ ভাগি যায় ৷ আনকি এই কাল ধুমুহাই অধিৱেশনৰ পেণ্ডেলো উৰুৱাই লৈ যায় ৷ ফলত পূৰ্বৰ ২৭, ২৮ আৰু ২৯ এপ্ৰিলৰ পৰিৱৰ্তে মে’ মাহৰ ২৬, ২৭ আৰু ২৮ তাৰিখে এই অধিৱেশন আয়োজনৰ মন মেলিছে আয়োজকসকলে ৷ সেয়ে এই ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে আয়োজক কমিটীয়ে ৷

উল্লেখ্য যে, এই সংবাদমেলত উপস্থিত থাকে অধিৱেশনৰ কাৰ্যকৰী সভাপতি ড৹ উত্তম দাস, সম্পাদক দেৱজিৎ দাস গুপ্তাসহ কেবাজনো বিষয়-ববীয়া ।

লগতে পঢ়ক : Firing in Assam Arunachal border: সীমা চুক্তিৰ স্বাক্ষৰৰ পাচতে লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.