গুৱাহাটী : "বিগত বৰ্ষৰ গুণোৎসৱৰ ফলাফলৰ ভিত্তিতে অসম চৰকাৰে ইতিমধ্যে শিক্ষা বিভাগৰ দ্বাৰা ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ নিৰ্মাণৰ বাবে ৬ হাজাৰ কোটি টকাৰ এক বৃহৎ ধনৰাশি ধাৰ্য কৰি শিক্ষানুষ্ঠানসমূহৰ উন্নয়নৰ সাধি গৈছে ।" এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । শনিবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত এইদৰে কয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।
বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ মৃত্যু হোৱা ২৬ গৰাকী ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে । একেটা অনুষ্ঠানতে অসম লোক সেৱা আয়োগৰ দ্বাৰা বাছনিকৃত ১৩ গৰাকীকৈ প্ৰাৰ্থীক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰূপে নিযুক্তি পত্ৰ বিতৰণ কৰে ।
অনুষ্ঠানত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাৰ অভিযানৰ দ্বাৰা বিদ্যালয় শিক্ষা ক্ষেত্ৰত লোৱা পৰিৱৰ্তনমুখী প্ৰচেষ্টা আৰু বিভিন্ন আঁচনি আৰু কাৰ্যকলাপৰ উল্লেখেৰে প্ৰকাশ কৰা “Leaping Ahead: Transforming Education, Transforming Assam” শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে ।
ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে পৰলোকপ্ৰাপ্ত ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালবৰ্গক উদ্দেশ্যি কয়, "চৰকাৰ তেওঁলোকৰ ওচৰত সদায়েই আছে আৰু সদায়েই থাকিব । প্ৰতিমুহূৰ্তই তেওঁলোকৰ পৰিয়ালৰ খা-খবৰ ৰাখিব ।"
আজি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাহিলিপাৰাস্থিত কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত সঞ্চালকালয়টোৰ অধীনত শিক্ষকতা কৰা ২৬গৰাকী পৰলোকগত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰোঁ।
— Ranoj Pegu (@ranojpeguassam) January 4, 2025
প্ৰয়াত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি শ্রদ্ধা আৰু… pic.twitter.com/wQYjqLuHP1
মন্ত্ৰীগৰাকীয়ে পৰলোকপ্ৰাপ্ত ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ শৈক্ষিক অৱদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে সমৰ্থন প্ৰকাশৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া দিহা-পৰামৰ্শ মৰ্মে শিক্ষা বিভাগে এককালীন সাহায্য আগবঢ়োৱাৰ কথা ব্যক্ত কৰে । আনহাতে অনুষ্ঠানত নৱনিযুক্ত প্ৰবক্তাসকলক অভিনন্দন জ্ঞাপন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে নতুন শিক্ষানীতি ২০২০ৰ সাৰ্থক ৰূপায়ণেৰে শিক্ষাৰ মান উন্নতকৰণৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।
শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয়, "শিক্ষাৰ দ্বাৰা দেশৰ নাগৰিক নিৰ্মাণ কৰা হয় আৰু এই গুৰুদায়িত্ব থাকে আমাৰ শিক্ষাগুৰুসকলৰ হাতত । গতিকে শিক্ষকসকলক সঠিক মাৰ্গদৰ্শনেৰে দীক্ষিত কৰাৰ ক্ষেত্ৰত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ যি দায়িত্ব, সেয়া নতুন প্ৰবক্তাসকলে আন্তৰিকতাৰে পালন কৰিব । এতিয়ালৈকে এক লাখৰো অধিক শিক্ষকক নিপুণ অসম আঁচনিৰ অধীন এফ এল এন প্ৰশিক্ষণৰ জৰিয়তে বুনিয়াদী শিক্ষাৰ সামগ্ৰিক মান উন্নয়নৰ প্ৰচেষ্টা চলাই গৈ থকা হৈছে ।"
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ গুণোৎসৱত সকলো বিষয়া-কৰ্মচাৰীৰ সহযোগিতা কামনা কৰে । আনহাতে ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৮ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে ।
অনুষ্ঠানত সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ড৹ ওম প্ৰকাশ, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা মমতা হোজাই, এছ চি ই আৰ টিৰ সঞ্চালিকা ড৹ নিৰদা দেৱী উপস্থিত আছিল । আনহাতে আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম কলেজ শিক্ষক সন্থাৰ লগত এক আলোচনাত মিলিত হৈ তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয় ।