গুৱাহাটী: গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰাৰ বাবে এটা দশকৰ অধিক কাল ধৰি চলি থকা গুৱাহাটী পানী যোগান আঁচনিৰ চাৰিটা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই । গুৱাহাটী পানী যোগান আঁচনিৰ অন্তৰ্গত কেন্দ্ৰীয় গুৱাহাটী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ১৪ বছৰ পিছতো সম্পূৰ্ণ হোৱা নাই । ২০১০-১১ চনতহে আটাইকেইটা প্ৰকল্পৰ অনুমোদন হৈছিল ।
তাৰ পিছত পৰ্যায় ক্ৰমে প্ৰকল্পকেইটাৰ কাম আৰম্ভ হৈছিল । এই প্ৰকল্পকেইটাৰ জৰিয়তে গুৱাহাটী মহানগৰবাসীক খোৱাপানী যোগানৰ বাবে চৰকাৰে বাৰে বাৰে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে যদিও লক্ষ্যত উপনীত হ'ব পৰা নাই । এইক্ষেত্ৰত চৰকাৰ প্ৰতিবাৰে ব্যৰ্থ হোৱাৰ পাছত এতিয়া পানীযোগান প্ৰকল্পৰ জৰিয়তে মহানগৰবাসীৰ নিৰাপত্তাৰ প্ৰতিহে ভাবুকি সৃষ্টি হোৱা দেখা গৈছে ।
উল্লেখ্য যে, ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত গুৱাহাটীৰ জল ব'ৰ্ডে ১ লাখ ২৫ হেজাৰ পৰিয়ালক খোৱাপানী যোগান ধৰাৰ কথা আছিল । তদানীন্তন গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৩ ডিচেম্বৰৰ ভিতৰত ১ লাখ ২৫ হেজাৰ পৰিয়ালক গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় পৰিষদে খোৱাপানী যোগান ধৰিব বুলি সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিছিল ।
কিন্তু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত মাত্ৰ ৩৫ হেজাৰ পৰিয়ালৰ মাজতহে খোৱাপানী যোগান সম্ভৱ হৈছে । এই তথ্য গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় পৰিষদৰ । ২০২১ চনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমটো বছৰতেই প্ৰকল্পৰ কাম এশ শতাংশ সম্পূৰ্ণ কৰাৰ কথা আছিল । খোৱাপানী যোগানৰ নামত লক্ষ্য নিৰ্দ্ধাৰণ কৰি ব্যৰ্থ হোৱা পৰিষদে পাইপ ফুটা, জলবিস্ফোৰণৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো সফল হ'ব পৰা নাই ।
২০২৪ বৰ্ষৰ মহানগৰীৰ জয়পুৰ আৰু ৰাজগড় পাছত খাৰঘূলিত জলবিস্ফোৰণে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ খাৰঘুলিত জলবিস্ফোৰণৰ ঘটনা সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক পানী প্ৰকল্পটোৰ লগত আৰম্ভনিতে জড়িত থকা অভিযন্তাই কয়, "খাৰঘূলিত যিডাল পাইপ ফুটিছে সেই একেডাল পাইপে পূৰ্বে জয়পুৰত আন ঠাইত এবাৰ ফুটিছিল । এই পাইপডাল ৰামছাৰ পাহাৰত থকা মূল পানীৰ ৰিজাৰ্ভাৰৰ পৰা আহিছে । এই পাইপডাল প্ৰেছাৰ পাইপ । পাইপডালত ঠায়ে ঠায়ে প্ৰেছাৰ ৰিডিউচিং ভাল্ভ স্থাপন কৰিব লাগে । তেতিয়া পাইপ ফুটিলেও দুৰ্ঘটনা সংঘটিত নহয় ।"
তেওঁ লগতে কয়, "আকৌ এই পাইপবোৰৰ যোৰাবোৰ ভালকৈ কৰা প্ৰয়োজন । সম্ভৱত এই পাইপডালৰ যোৰাবোৰ ভালকৈ কৰা হোৱা নাই অথবা প্ৰেছাৰ ৰিডিউচিং ভাল্ভ স্থাপন কৰা নাই । এই ক্ষেত্ৰত ভালকৈ তদন্ত কৰিলে সত্য উদঘাটন হ'ব । অথবা ভৱিষ্যতে এই পাইপডাল আকৌ ফুটি দুৰ্ঘটনা সংঘটিত কৰিব পাৰে । কাৰণ এই ৰামছাৰ পাহাৰত থকা মূল পানীৰ ৰিজাৰ্ভাৰটো ভাৰতৰ ভিতৰতে এতিয়ালৈকে ডাঙৰ পানীৰ ৰিজাৰ্ভাৰ । এই পানীৰ ৰিজাৰ্ভাৰটোৰ পানীৰ বক্ষন ক্ষমতা ২ লাখ ৩০ হাজাৰ লিটাৰ ।"
উল্লেখ্য যে পৰিষদে গুৱাহাটীত পশ্চিম গুৱাহাটী আৰু কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে ৩৫ হাজাৰ পৰিয়ালক পানী যোগান ধৰা বুলি দাবী কৰিছে যদিও পানী যোগান প্ৰক্ৰিয়া এতিয়াও শৃংখলাবদ্ধ আৰু নিয়মীয়া নহয় । পানী যোগানৰ বাবে একাংশ পৰিয়ালৰ ঘৰত পানীৰ মিটাৰ স্থাপন কৰি হৈছে যদিও সেয়া কাৰ্যক্ষম কৰা হোৱা নাই ।
এই সন্দৰ্ভত মালিগাঁৱৰ স্থানীয় বাসিন্দা সম্প্ৰাট সাহাই কয়, "মালিগাঁও অঞ্চলত একাংশ লোকে পশ্চিম গুৱাহাটী প্ৰকল্পৰ জৰিয়তে পানী পাই যদিও বহুত ঠাইত এতিয়াও মানুহে বৰিঙৰ পানী খায় আছে । পশ্চিম গুৱাহাটী প্ৰকল্পৰ জৰিয়তে যিখিনি পৰিয়ালক পানী যোগান ধৰি আছে যদিও সেয়া নিয়মীয়া নহয় । এদিন বা দুদিনৰ মূৰত পানী যোগান ধৰে । এনেদৰে অভিনৱ পদক্ষেপেৰে চৰকাৰে গুৱাহাটীবাসীক পানী যোগান প্ৰকল্পৰ জৰিয়তে পানী যোগানৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আছে ।"