চৰকাৰী চাউলত প্লাষ্টিক চাউলৰ মিশ্ৰণ সন্দৰ্ভত আলোচনাচক্ৰ

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 4:50 PM IST

thumbnail

তিনিচুকীয়া, ১১ জানুৱাৰী: বৃহস্পতিবাৰে ভাৰতীয় খাদ্য নিগমৰ ডিব্ৰুগড় মণ্ডলৰ কাৰ্যালয়ৰ উদ্যোগত তিনিচুকীয়া মাকুম পথৰ উৰণ সেঁতুৰ সমীপৰ ভাৰতীয় খাদ্য নিগমৰ FSD কাৰ্যালয়ত গণপতৰায় ৰাছিয়াৱাছিয়া হিন্দী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত এক মত-বিনিময় অনুষ্ঠান আয়োজন কৰা হয় ৷ সংবাদ মাধ্যমৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী তথা সংবাদকৰ্মীসকলক ভাৰতীয় খাদ্য নিগমৰ খাদ্য ভঁৰালৰ ভ্ৰমণ তথা পৰিদৰ্শন কৰোৱাৰ লগতে বিভিন্ন ধৰণৰ কাৰিকৰী দিশসমূহ ভিডিঅ' আকাৰেৰে ব্যাখ্যা কৰোৱা হয় । 

ইয়াৰোপৰি এই আলোচনাচক্ৰত ফৰ্টিফাইড চাউলকে একাংশ লোকে প্লাষ্টিক চাউল ৰূপে কৰা অপপ্ৰচাৰ ৰোধ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনোৱা হয় ৷ লগতে ভাৰতীয় খাদ্য নিগমৰ অধীনত সময়ে সময়ে খাদ্যৰ ভঁৰাল পৰিদৰ্শন আৰু খাদ্য বস্তু সংগ্ৰহ কৰি ৰখা ক্ষেত্ৰত গ্ৰহণ কৰা বৈজ্ঞানিক তথা প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত আলোচনাচক্ৰখনত আলোচনা কৰা হয় ৷

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰী, পুনৰ দুজন ৰাজপত্ৰিত বিষয়াক জেৰা এছ আই টিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.