গুৱাহাটী : সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ইতিমধ্যে সমগ্ৰ বিষয়টোত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কেবিনেটত বিতং আলোচনা কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্রীয়ে । দেওবাৰে মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত কয়, "আজি কেবিনেটত এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব । কাৰণ আমি বহু স্পৰ্শকাতৰ তথ্য লাভ কৰিছো । এই গোটেই বিষয়টো প্ৰথমতে আমি এজন সাংসদকলৈ আৰম্ভ কৰিছিলো । কিন্তু এতিয়া গোটেই বিষয়টো তাৰ পৰা বহুত ওপৰলৈ গৈছে ।"
তেওঁ লগতে কয়, "এতিয়া গোটেই বিষয়টোৰ লগত এটা এণ্টি ইণ্ডিয়া ফ'ৰ্চ সক্ৰিয়ভাৱে কাম কৰি থকাৰ তথ্য আমাৰ হাতত আহিছে । গতিকে আজি কেবিনেটত আমি এই বিষয়ে সিদ্ধান্ত ল'ম । পৰৱৰ্তী সময়ত মই যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্রীক সাক্ষাৎ কৰি আমাৰ এই তৎপৰতাৰ লগতে কেন্দ্ৰীয় এজেন্সীসমূহক কেনেদৰে জড়িত কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম । কিন্তু এতিয়া গোটেই বিষয়টো দেখা গৈছে যে গোটেই ব্যৱস্থাটোৰ মাজত ক'ৰবাত গৌৰৱ গগৈ এজন অভিনেতাহে, তেওঁ সঞ্চালক নহয় । তেওঁ নজনাকৈ ফচি যাবও পাৰে । গৌৰৱ গগৈক সহানুভূতি সহকাৰে লৈয়ে আমি গোটেই বিষয়টো বিচাৰ কৰিম ।"
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, "তেওঁক অভিযুক্ত হিচাপে আমি এতিয়া কৰিব খোজা নাই । কাৰণ এতিয়া গোটেই বিষয়টোৰ লগত লণ্ডন, আমেৰিকা, ইছলামাবাদ যিদৰে জড়িত হৈ পৰিছে, হয়টো তেওঁ ব্লেকমেইলো হৈ থাকিব পাৰে । গতিকে বিষয়টোত গভীৰ তদন্তৰ প্ৰয়োজন ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "বিষয়টো ব্যক্তিগতকৰণ কৰিব নালাগে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথাটো চাব লাগে । টুলুঙা কথা ময়ো ক'ব পাৰো । বহুতে কৈছে জয়শংকৰৰ পত্নী বিদেশী । কিন্তু তেওঁ ছমাহৰ ভিতৰতে ভাৰতীয় নাগৰিকত্ব লৈছে । জয়শংকৰৰ পৰিবাৰ কেতিয়াও পাকিস্তানত যোৱা নাই । এই বিষয়টোক দুটা ৰাজনৈতিক দল কৰিব নালাগে । গোটেই ঘটনাটোত গৌৰৱ গগৈৰ ভূমিকাটো গৌণ হ'ব । ডাঙৰ কাৰ্টেইল এটা ইয়াত নিৰ্মাণ হৈছে । এই কাৰ্টেইলটো আমি ব্ৰেক কৰিব লাগিব । তাত এনেকুৱাও হ'ব পাৰে যে গৌৰৱ গগৈ নজনাকৈয়ে ফচি গৈ আছে । আমি ইয়াক ৰাজনীতিকৰণ কৰিব খোজা নাই । আমি তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিছো ।"