ETV Bharat / state

বিশেষভাৱে সক্ষম ব্যক্তিয়ে দেখুৱালে সততা, চৰকাৰক ওভতাই দিলে অৰুণোদয়ৰ ধন - HONESTY SPECIALLY ABLED PERSON

ৰাজ্য়ত ৬৮২ জন বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিছে অৰুণোদয়ৰ ধন । ইয়াৰ মাজতেই বিশেষভাৱে সক্ষম ব্যক্তিয়ে ঘূৰাই দিলে ২০ হাজাৰ টকা ।

Specially abled person shows honesty
বিশেষভাৱে সক্ষম ব্যক্তিয়ে দেখুৱালে সততা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 4:43 PM IST

মৰাণ : সমাজত আজিও হেৰাই যোৱা নাই সততা । সততা এতিয়াও জীয়াই আছে বাবেই সমাজখনে গতি লাভ কৰিছে । সততাৰ ক্ষেত্ৰত নাথাকে সৰু-বৰ । যিসকল লোকে সততাৰে জীয়াই থাকিব বিচাৰে তেওঁলোকে কেতিয়াবা অজানিতে কৰা কামৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ কুন্ঠাবোধ নকৰে । এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দেখুৱালে সততাৰ নিদৰ্শন ।

ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে আৰম্ভ কৰিছিল মহিলাৰ বাবে অৰুণোদয় আঁচনি । এই অভিলাষী আঁচনিয়ে ৰাজ্যত ব্যাপক সমৃদ্ধ হোৱাৰ পাছতেই অসম চৰকাৰে অৰুণোদয় আঁচনিৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায় আৰম্ভ কৰিছে । বৰ্তমান অৰুণোদয় ৩.০ৰ জড়িয়তে ৰাজ্যৰ মহিলা-পুৰুষ সকলোকে সামৰি এই আঁচনি কাৰ্যকৰী কৰিছে চৰকাৰে ।

বিশেষভাৱে সক্ষম ব্যক্তিয়ে দেখুৱালে সততা (ETV Bharat Assam)

দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাৰ বাবে আৰম্ভ কৰা এই আঁচনি পুৰুষৰ বাবেও চৰকাৰে প্ৰৱৰ্তন কৰাত ৰাজ্যৰ লাখ লাখ লোকক সামৰি লৈছে আঁচনিখনে । কিন্তু অৰুণোদয় দুখীয়া লোকৰ আঁচনি হ'লেও একাংশ চৰকাৰী চাকৰিয়ালেও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ তথ্য ৰাজহুৱা হৈছে । চৰকাৰৰ তথ্য অনুসৰি ৬৮২ জন বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আচঁনিৰ ধন লৈ আছে ।

যোৱা বৰ্ষত ডিব্ৰুগড়ৰ সচিবালয়ত কেবিনেট অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল অৰুণোদয়ৰ ধন লোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে । অৰুণোদয়ৰ ধন লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে । ধন ঘূৰাই দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পাছতে বিশেষভাৱে সক্ষম এজন ব্যক্তিয়ে দিলে সততাৰ পৰিচয় ।

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পছতে চৰকাৰৰ ঘৰলৈ ঘূৰাই দিলে অৰুণোদয় আঁচনিৰ ধন । এই নিদৰ্শন দেখুৱাইছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন বিশেষভাৱে সক্ষম চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে । চৰাইদেউ জিলাৰ কচুমাৰী জঙ্গল ব্লক নিবাসী সুৰেণ কোঁৱৰে অৰুণোদয়ৰ পৰা লাভ কৰা ২০ হাজাৰ টকা ঘূৰাই দিলে চৰকাৰৰ ঘৰলৈ । বিশেষভাৱে সক্ষম ব্যক্তিজনে মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০২৩ চনৰ জুলাইৰ পৰা ২০২৪ চনৰ অক্টোবৰলৈ পোৱা সমুদায় ধন ঘূৰাই দিয়াৰ নিদৰ্শন দাঙি ধৰিছে ।

সকলো চৰকাৰী চাকৰিয়ালক ধন ঘূৰাই দিবলৈ আহ্বান:

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে লাভ কৰা অৰুণোদয় আঁচনিৰ ধন ঘূৰাই দি সংবাদ মাধ্যমৰ আগত সুৰেণ কোঁৱৰে কয়, "মই বৰ্তমান ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ চৰকাৰী কৰ্মচাৰী । চাকৰি পোৱাৰ পাছতো চৰকাৰী ধন মোৰ সোমাই আছিল । কিন্তু মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছত মই অৰুণোদয়ৰ ধন ঘূৰাই দিছো । যিসকল চৰকাৰী চাকৰিয়ালে এতিয়াও এই ধন গ্ৰহণ কৰি আছে তেওঁলোকেও ধন ঘূৰাই দিব লাগে । আমাৰ ঠাইত যাতে আন দুখীয়া লোকে এই সুবিধা লাভ কৰে ।"

লগতে পঢ়ক:বনগাঁৱৰ গাঁওবুঢ়াৰ মাননিৰ পৰা স্কিল চেণ্টাৰলৈকে; কি কি সিদ্ধান্ত হ’ল ডিব্ৰুগড়ৰ কেবিনেট বৈঠকত - ASSAM CABINET DECISIONS

লক্ষ্য় নির্বাচন: আৰম্ভ হৈছে অৰুণোদয় হিতাধিকাৰীৰ ৰাজনীতি - ORUNODOI SCHEME

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.