হায়দৰাবাদ: জনপ্ৰিয়ভাৱে ‘মিনি বিশ্বকাপ’ নামেৰে পৰিচিত চেম্পিয়নছ ট্ৰফী ১৯৯৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে(আই চি চি) আৰম্ভ কৰিছিল । ইয়াৰ আগতে ইয়াক আই চি চি নকআউট টুৰ্ণামেণ্ট বুলি জনা গৈছিল আৰু প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই খেল অনুষ্ঠিত হৈছিল ।
ইয়াৰ মূল লক্ষ্য আছিল যিবোৰ দেশে টেষ্টৰ মৰ্যাদা লাভ কৰা নাছিল, সেইবোৰ দেশত ক্ৰিকেটৰ বাবে ধন সংগ্ৰহ কৰা । প্ৰতিযোগিতাখনৰ প্ৰথম দুটা সংস্কৰণ কেনিয়া আৰু বাংলাদেশত অনুষ্ঠিত হৈছিল । কিন্তু ইয়াৰ সফলতাৰ বাবে পিছলৈ ইংলেণ্ড, ভাৰতৰ দৰে ক্ৰিকেটৰ জনপ্ৰিয়তা থকা দেশতো এই প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
২০০৯ চনৰ সংস্কৰণত ইয়াৰ ফৰ্মেট সলনি কৰি আই চি চিৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষস্থানৰ ৮ টা দলকহে অন্তৰ্ভুক্ত কৰা হৈছিল । প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ ৬ মাহৰ আগতেই ৰেংকিং কাটঅফ নিৰ্ধাৰণ কৰা হৈছিল । ২০১৭ চনৰ সংস্কৰণৰ পিছত চেম্পিয়নছ ট্ৰফী বন্ধ কৰি দিয়া হৈছিল যাতে তিনিটা ক্ৰিকেট ফৰ্মেটৰ প্ৰতিটোৰ বাবে মাত্ৰ এখনকৈ গ্ল’বেল টুৰ্ণামেণ্ট থাকে ।
কিন্তু ২০২১ চনত আই চি চিয়ে চেম্পিয়নছ ট্ৰফী পুনৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল । ঘোষণা অনুসৰি ২০২৫ আৰু ২০২৯ চনত আয়োজন কৰা হ’ব চেম্পিয়নছ ট্ৰফী ।
এই প্ৰতিবেদনত আমি চেম্পিয়নছ ট্ৰফীৰ পূৰ্বৰ প্ৰতিটো সংস্কৰণৰ বিজয়ী দলসমূহৰ বিষয়ে সদৰী কৰিম ৷
১৯৯৮ চনৰ পৰা ২০২৪ চনলৈ আই চি চি চেম্পিয়নছ ট্ৰফী জয় কৰা দলসমূহ:
- উইলছ আন্তঃৰাষ্ট্ৰীয় কাপ (১৯৯৮/৯৯) – দক্ষিণ আফ্ৰিকা
বৰ্তমান চেম্পিয়নছ ট্ৰফী নামেৰে পৰিচিত আই চি চি প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণক উইলছ ইণ্টাৰনেশ্যনেল কাপ বুলি অভিহিত কৰা হৈছিল । বাংলাদেশত আয়োজন কৰা এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল ৷ ফাইনেল খেলখনত দক্ষিণ আফ্ৰিকাই ৪ উইকেটত জয়লাভ কৰে ।
ৱেষ্ট ইণ্ডিজ- ২৪৫
দক্ষিণ আফ্ৰিকা- ২৪৮/৬
- আই চি চি নকআউট (২০০০/০১) - নিউজীলেণ্ড
চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয় সংস্কৰণৰ নাম আছিল আই চি চি নকআউট । যিটো কেনিয়াই আয়োজন কৰিছিল । এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন নিউজীলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হয়, য’ত নিউজীলেণ্ডে ৪ উইকেটত জয়লাভ কৰে ।
ভাৰত - ২৬৪/৬
নিউজীলেণ্ড- ২৬৫/৬
- আই চি চি চেম্পিয়নছ ট্ৰফী (২০০২/০৩) – ভাৰত আৰু শ্ৰীলংকা
২০০২ চনত আই চি চিয়ে এই প্ৰতিযোগিতাখনক প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফী হিচাপে নামকৰণ কৰিছিল ৷ এইখন প্ৰতিযোগিতা শ্ৰীলংকাত অনুষ্ঠিত হৈছিল । চূড়ান্ত খেলখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৰষুণৰ বাবে খেলখন বাতিল হয় আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত ট্ৰফী ভাগ কৰা হয় ।
- আই চি চি চেম্পিয়নছ ট্ৰফী (২০০৪) – ৱেষ্ট ইণ্ডিজ
ইংলেণ্ডত আয়োজন কৰা হৈছিল আই চি চি চেম্পিয়নছ ট্ৰফীৰ চতুৰ্থ সংস্কৰণ । এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন আয়োজক ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল । ইংলেণ্ডে প্ৰথমে বেটিং কৰি ২১৭ ৰাণ সংগ্ৰহ কৰিছিল, যিটো ৱেষ্ট ইণ্ডিজে দুটা উইকেট বাকী থকা অৱস্থাত অৰ্জন কৰে ।
ইংলেণ্ড - ২১৭ ৰাণ
ৱেষ্ট ইণ্ডিজ- ২১৮/৮
- আই চি চি চেম্পিয়নছ ট্ৰফী (২০০৬/০৭) – অষ্ট্ৰেলিয়া
২০০৬–২০০৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজক দেশ আছিল ভাৰত ৷ নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত নিউজীলেণ্ডে প্ৰথমে বেটিং কৰি ২০০ ৰাণ সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াই এই লক্ষ্য সহজে অৰ্জন কৰি ৬ উইকেটত জয়লাভ কৰে ।
নিউজিলেণ্ড - ২০০/৯
অষ্ট্ৰেলিয়া- ২০৬/৪
- আই চি চি চেম্পিয়নছ ট্ৰফী (২০০৯/১০) – অষ্ট্ৰেলিয়া
দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হয় চেম্পিয়নছ ট্ৰফীৰ ষষ্ঠ সংস্কৰণ । ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত অষ্ট্ৰেলিয়াই ৮ উইকেটত জয়লাভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ট্ৰফী দখল কৰে ।
ৱেষ্ট ইণ্ডিজ - ১৩৮
অষ্ট্ৰেলিয়া- ১১৬/২
- আই চি চি চেম্পিয়নছ ট্ৰফী (২০১৩) - ভাৰত
২০১৩ চনত ইংলেণ্ডে আয়োজন কৰে আই চি চি চেম্পিয়নছ ট্ৰফী । চূড়ান্ত খেলখন ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হয় । এই ৰোমাঞ্চকৰ খেলখনত ভাৰতে ৫ ৰাণত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে এই ট্ৰফী দখল কৰে ।
ভাৰত - ১২৯/৭
ইংলেণ্ড - ১২৪/৮
- আই চি চি চেম্পিয়নছ ট্ৰফী (২০১৭) - পাকিস্তান
আই চি চি চেম্পিয়নছ ট্ৰফীৰ অন্তিম সংস্কৰণটো ২০১৭ চনত অনুষ্ঠিত হৈছিল । যাৰ আয়োজকৰ দায়িত্বত আছিল ইংলেণ্ড ৷ ফাইনেল খেলখন পাকিস্তান আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল আৰু পাকিস্তানে ভাৰতক ১৮০ ৰাণত পৰাস্ত কৰিছিল ।
পাকিস্তান- ৩৩৮/৪
ভাৰত- ১৫৮
উল্লেখ্য যে, আই চি চি চেম্পিয়নছ ট্ৰফী ২০২১ ভাৰতে আয়োজন কৰাৰ কথা আছিল ৷ কিন্তু, কৰ’ণাৰ বাবে আই চি চিয়ে এই প্ৰতিযোগিতা বাতিল কৰাৰ সিদ্ধান্ত লয় । এই সন্মানীয় প্ৰতিযোগিতাখন এতিয়া ৮ বছৰৰ পিছত ২০২৫ চনত অনুষ্ঠিত হ’ব ৷ যাৰ আয়োজনৰ দায়িত্ব পৰিছে পাকিস্তানৰ হাতত ৷
লগতে পঢ়ক: কে এল ৰাহুল নে ঋষভ পন্ত, চেম্পিয়নছ ট্ৰফীত কোন হ’ব ভাৰতৰ উইকেটকীপাৰ ?