thumbnail

By

Published : Jun 11, 2023, 7:33 PM IST

ETV Bharat / Videos

Seminar on Cervical cancer: জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী, ১১ জুন: গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত হোটেল ভিভান্তাত শনিবাৰে অনুষ্ঠিত হয় স্ত্ৰী ৰোগ বিশেষজ্ঞ সকলৰ এখন কৰ্মশালা আৰু আলোচনা চক্ৰ (Workshop of Gynaecologist in Guwahati)। গুৱাহাটী মহানগৰী প্ৰসূতি আৰু স্ত্ৰী ৰোগ সমিতিৰ উদ্য়োগত অনুষ্ঠিত হয় এই কৰ্মশালাৰ । এই কৰ্মশালাত ১০০ গৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞই অংশগ্ৰহণ কৰে (Guwahati Obstetric and Gynaecological Society)। এই অনুষ্ঠানত সৰ্বভাৰতীয় স্ত্ৰী ৰোগ সন্থাৰ সভাপতিৰ উপৰি চেন্নাই, হায়দৰাবাদৰ পৰাও কেইবাগৰাকী বিশিষ্ট চিকিৎসকে অংশগ্ৰহণ কৰে ।  

কৰ্মশালাত অংশগ্ৰহণ কৰা বিশেষজ্ঞ সকলে কয় যে, অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ যথেষ্ঠ বেছি (Maternal mortality rate in Assam high)। সেয়েহে প্ৰসূতিৰ মৃত্যুৰ হাৰ কেনেদৰে ৰোধ কৰিব পাৰি আৰু জৰায়ুৰ কৰ্কট ৰোগ আৰু মহিলাসকলৰ ৰক্তহীনতা‌ আদি কেনেদৰে হ্ৰাস কৰোটো সম্ভৱ সেই বিষয়ে আলোচনা কৰা হয় । নাৰী সকলৰ শৈক্ষিক দিশৰ লগতে সবলীকৰণৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয় ।

এই সংস্থাৰ জৰিয়তে প্ৰসূতি সকলক বিনামূলীয়াকৈ চিকিৎসা আৰু কাউঞ্চেলিং কৰা হয় (Seminar of Gynaecologist in Guwahati )। উল্লেখ্য যে, প্ৰসূতি আৰু স্ত্ৰী ৰোগ সমিতিয়ে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা ৫০ বছৰে শৈক্ষিক, সামাজিক আদি দিশত কাম কৰি আছে ।

লগতে পঢ়ক: Guwahati accident news today: ৰাস্তাৰ কাষত গাঁত, এখন দ্ৰুতবেগী স্কুল বাছ আৰু এগৰাকী ছাত্ৰীৰ জীৱন !

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.